Breaking

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

0 47

ৰাজীৱ কমল শইকীয়া

বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল- দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনাইছে |  দিহিং পাটকাই বৰ্ষাৰণ্য বা অভয়াৰণ্য কি ? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব। পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ অন্তৰ্গত উল্লেখিত অনুষ্ঠাটোৱে হেনো যোৱা সাত এপ্ৰিলত অনুষ্ঠিত কৰা এক বৈঠকত অৰণ্যখনৰ প্ৰায় এশ হেক্টৰৰ ওচৰা-ওচৰি মাটিত কয়লা খনন কৰিবৰ বাবে আলোচনাৰ অন্তত বিষয়টোত অনুমোদন দিছে বুলি, বাতৰি প্ৰকাশ পাইছিল |  এনে কাৰ্যয়ে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা | তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিছিল এক অভিলেখ সৃষ্টিকাৰী জনমত | যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল,  ক’ৰনাৰ প্ৰভাৱে অনা বহু প্ৰতিকূলতা থকাৰ স্বত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত | এই অভূতপূৰ্ব জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে | কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| ক’ৰনাৰ ত্ৰাসত জনতা একপ্ৰকাৰ গৃহবন্দী| ৰাজপথ, বজাৰ, ফিল্ড শূণ্য প্ৰায়| সামাজিক দূৰত্ব, অযথা ভিৰ ইত্যাদিৰ খাতিৰত তাত প্ৰবেশ নিষিদ্ধ, সেই ক্ষেত্ৰসমূহ ব্যৱহাৰ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি  কৰি দেখুৱালে, তাকো অভিনৱ পন্থাৰে | যাৰ প্ৰভাৱত মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব বুজি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জনাই বন মন্ত্ৰী গৰাকীক ঘটনাৰ বুজ লবলৈ অভয়াৰণ্যখনলৈ প্ৰেৰণ কৰাৰ কথা টুইট কৰি জনালে| | ইয়াৰ ফলাফল কি হ’ব সেয়া সময়ে নিশ্চয় আমাক দেখুৱাব। তথাপিও, তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা | এই জোৱাৰ স্তিমিত নহওক | পখিলা বোৰৰ লগতে সেই অৰণ্যবাসী সমূহ জীৱ কুশলে থাকক | নিৰ্যাতিত হ’বলৈ ওলোৱা নিমাত তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ |

 ফোন- ৮৬৩৮৭৮২৫৫৪

Leave A Reply