৪দিনীয়া কাৰ্যসূচীৰে IIT গুৱাহাটীত অনুষ্ঠিত হ’ব ৩০ সংখ্যক ALCHERINGA 2026।
২৯জানুৱাৰীৰ পৰা ১ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘ALCHERINGA-2026’।
৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ অন্যতম সৰ্ববৃহৎ এই সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে।
ALCHERINGAত দেশৰ প্ৰায় ৫০০খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশ ল’ব সৰ্ববৃহৎ সাংস্কৃতিক সমাৰোহত।
ALCHERINGAত গীত পৰিৱেশন কৰিব বলীউডৰ কণ্ঠশিল্পী ছানে।
সমাৰোহখনিত ভিন্ন প্রতিযোগিতা, বিভিন্ন ৰাজ্যৰ থলুৱা কলা-সংস্কৃতিৰ সমাহাৰ ঘটিব।
সমাৰোহত বিশেষভাবে প্রদর্শিত হ’ব অসম তথা উত্তৰ-পূবৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি।
সমাৰোহত অংশ ল’ব প্রায় ৫০০খন শিক্ষানুষ্ঠানৰ ৩ সহস্রাধিক শিক্ষার্থীয়ে।

