কলিয়াবৰত প্ৰয়াত কামিনী(Koliyabor News)মহন্তৰ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থালৈ প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা ২০২৬।
কলিয়াবৰৰ সমাজ জীৱনৰ সংস্কৃতি, উদ্যোগ ক্ষেত্ৰত অৰিহণা আগবঢ়াই সমৃদ্ধ কৰা কামিনী মহন্তৰ সোঁৱৰণত বিগত ১১ বছৰে পৰম্পৰা ৰক্ষা প্ৰদান কৰি আহিছে প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা।
কুঁৱৰীটোল অৱস্থিত কামিনী মহন্ত স্মৃতি উদ্যানত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ১২ সংখ্যক বঁটা প্ৰদান অনুষ্ঠান।
কামিনী মহন্ত স্মৃতি ৰক্ষা সমিতিয়ে বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ৰেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিঅ সভাতেই সমাজ আৰু সংস্কৃতিক ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়োৱা দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত জগন্নাথ মহন্ত আৰু ধৰ্মেশ্বৰ ঠাকুৰীয়াক সম্বৰ্ধনা জনোৱা হয়।
তাৰ পাছতেই ক্ৰীড়া ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে স্মাৰক, মান পত্ৰৰ লগতে একলাখ টকাৰ মাননি।

