যশস্বী কবি, সমালোচক তথা প্ৰাক্তন অসম আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকালৈ ‘দিখৌ সাহিত্য সাধনা বঁটা ২০২৬’ ঘোষণা কৰা হৈছে। আসাম মিউজ পয়েত্ৰি জৰ্নেল নামৰ বহুভাষিক ত্ৰৈমাসিক কবিতালোচনীখনে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা আলোচনীখনৰ পৰৱৰ্তী গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এপ্ৰিলৰ বসন্তকালীন সংখ্যাৰ উন্মোচনী অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি আলোচনীখনৰ মুখ্য সম্পাদক গুণ মৰাণ, কাৰ্যবাহী সম্পাদক শ্যামলীমা শইকীয়া, যুটীয়া সম্পাদক কিশোৰ মনজিৎ বৰা আৰু নৱ ৰাজনে প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।
লগতে কাব্যালোচনীখনলৈ কবিতা, কবিতা সম্পৰ্কীয় লেখা assammusepoetryjournal@gmail.com মেইলযোগে পঠাবলৈ আহ্বান কৰা হৈছে। সবিশেষ জানিবৰ বাবে ৯৮৫৪৮৪৮৩৫৯ নতুবা ৯৮৫৪৭৭৬১১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

