বাংগালুৰুত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা।(Bengaluru-Assam)
একেটা কোঠাতে উদ্ধাৰ ৪ অসমীয়া যুৱকৰ নিথৰ দেহ।
বাংগালুৰুৰ COCA COLA কোম্পানীত কৰ্মৰত আছিল যুৱককেইজন।
মৃত্য হোৱা যুৱককেইজন হ’ল- ঢকুৱাখানাৰ বৰ্ষামুখৰ নৰেন্দ্ৰ টাইড, জনঞ্জয় টাইড, দেক্টৰ টাইড আৰু শালমাৰাৰ জয়ন্ত।
এই পর্যন্ত জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।
বাংগালুৰুত মৃত্যু হোৱা অসমৰ যুৱককেইজনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-
‘বাংগালুৰুত অসমৰ ৪ যুৱকৰ ৰহস্যজনক মৃত্যু দুখজনক’।
‘ঘটনাৰ তদন্তৰ লগতে অসম পুলিচক নিৰ্দেশ দিছো বাংগালুৰুৰ পুলিচ কমিচনাৰৰ লগত কথা পাতিবলৈ’।
‘সন্মান সহকাৰে অসমলৈ উভতাই অনা হব অসমৰ ৪ যুৱকৰ মৃতদেহ’।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত এই বিষয়ত আলোচনা কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

