ভাৰত সেৱাশ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰৰ উদ্যোগত কালি আৰম্ভ হোৱা বাৰ্ষিক উৎসৱ শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ আজি সামৰণি পৰে। নগাঁও হিন্দু মিলন মন্দিৰৰ চৌহদত যোৱা কালি সন্ধিয়া অধিবাস অনুষ্ঠানৰ জৰিয়তে মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল। অধিবাসৰ পাছতে অনুষ্ঠিত হয় ভজন-কিৰ্তন আৰু পূজাৰতি অনুষ্ঠান, যিয়ে সমগ্ৰ পৰিৱেশ আধ্যাত্মিক ভাবধাৰাৰে ভৰাই তোলে।
মহোৎসৱৰ অন্তিম দিনা আজি পুৱা ১০.৩০ বজাৰ পৰা নগাঁও চহৰত উলিওৱা হয় এক আকৰ্ষণীয় আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত শ্ৰীকৃষ্ণ, হনুমান আৰু ভগৱান শিৱৰ সুন্দৰ প্ৰতিকীৰ লগতে বিহু, তিৱা, বড়ো, বাঙালী, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰে গঢ় লোৱা এই শোভাযাত্ৰাই নগাঁও চহৰৰ পথসমূহত এক মনোমুগ্ধকৰ আৰু দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰে।
শোভাযাত্ৰাটো চাবলৈ চহৰৰ বিভিন্ন স্থানত বৃহৎ সংখ্যক লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। শ্ৰীশ্ৰী মাঘী পুৰ্ণিমা মহোৎসৱৰ জৰিয়তে ধৰ্মীয় ঐক্য, সাংস্কৃতিক সমন্বয় আৰু সামাজিক সৌহাৰ্দ্যৰ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হয় বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।

