জন্মলগ্নৰে পৰা সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে মাত মাতি অহা ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠন অসম বাৰ্তাজীৱী সংঘৰ ২০২৬-২৮ বৰ্ষৰ সাংগঠনিক নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিচত মুখ্য নিৰ্বাচনী বিষয়া বিশ্বজিৎ দাস আৰু নিৰ্বাচনী বিষয়া ফণীধৰ দাসে যোৱা নিশা প্ৰকাশ কৰা প্ৰাৰ্থিত্বৰ তালিকা অনুসৰি সংঘৰ আটাইকেইগৰাকী বিষয়ববীয়াই বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে।

জানিব পৰা মতে অসম বাৰ্তাজীৱী সংঘৰ মুঠ ২১টা পদৰ বাবে অনুষ্ঠিত কৰা সাংগঠনিক নিৰ্বাচনত ৰাজ্যখনৰ ভালে সংখ্যক সাংবাদিকে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও সংঘৰ সদস্যসকলৰ মাজত থকা সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতিফলন ঘটাই কেইবাগৰাকী সাংবাদিকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত আটাইকেইগৰাকী বিষয়ববীয়া বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে। উল্লেখ্য যে যোৱা ১৮ জানুৱাৰীত ঘোষণা কৰা অধিসূচনা কৰাৰ লগতে অহা ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰি কালি প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ দিন নিৰ্ধাৰণ কৰিছিল।

স্মৰ্তব্য যে অসম বাৰ্তাজীৱী সংঘৰ আগন্তুক দুবছৰৰ বাবে মধুসূদন মেধি সভাপতি যতীন ভাগৱতী,ভাস্কৰ শৰ্মা উপ-সভাপতি, অঞ্জন কুমাৰ শৰ্মা সাধাৰণ সম্পাদক, অখিল কলিতা আৰু সোণাধৰ ডেকা সহকাৰী সম্পাদক, নৱনীতা কলিতা কোষাধ্যক্ষ,অশ্চিনী কুমাৰ দুৱৰা আৰু প্ৰশান্ত কুমাৰ মোদক সাংগঠনিক, হেমন্ত বৰ্মণ প্ৰচাৰ সম্পাদক, লক্ষীন্দন কলিতা পত্ৰিকা সম্পাদক,আদিত্য চন্দ্ৰ বৰ্মন কাৰ্যালয় সম্পাদক, মনোজ কুমাৰ গগৈ,দীপক দাস,তৰণী চৰণ কলিতা, প্ৰদীপ বৰ্মন,চাহেদ আলী আহমেদ, ভাস্কৰ জ্যোতি মেধি, কমল তালুকদাৰ,দীপ হাজৰিকা আৰু ভাৰত ৰাজবংশী কাৰ্যনিৰ্বাহক সদস্য হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে।

আনহাতে কালি নিশা অসম বাৰ্তাজীৱী সংঘই ভাৰ্চূৱেলী অনুষ্ঠিত কৰা এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত সংঘৰ হাইলাকান্দি অধিবেশনৰ প্ৰস্তাৱ মৰ্মে ৰাহুল চক্ৰবৰ্তী আৰু কিশোৰ জ্যোতি শৰ্মাক আগন্তুক দুবছৰৰ বাবে সংঘৰ সহকাৰী সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপে মনোনীত কৰা হয়। ইয়াৰোপৰি সংঘৰ সংবিধানৰ ৭ নং ধাৰা(ঘ) উপধাৰা অনুসৰি সংঘৰ বৰ্তমানৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাক নতুন সমিতিৰ উপদেষ্টা পদত মনোনীত কৰা হয়।

