গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° জ্ঞানশ্ৰী বৰাই পদ ত্যাগ কৰাৰ পাছতেই আৰম্ভ হৈছে ৰাজনৈতিক চৰ্চা। ড° বৰাই বিজেপিত যোগদান কৰিব নেকি, আৰু আগন্তুক দিনত কোনটো সমষ্টিৰ পৰা নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব—এই প্ৰশ্নই এতিয়া ৰাজনৈতিক মহলত তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে।

এই সম্পৰ্কে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত ড° জ্ঞানশ্ৰী বৰাই টেলিফোনিক বাৰ্তালাপত কয় যে, বৰ্তমানলৈকে কোনটো ৰাজনৈতিক দলত যোগদান কৰিব অথবা কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব—এই সকলো বিষয়ত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। তেওঁ লগতে কয় যে, আগন্তুক দুদিনৰ ভিতৰত সকলো কথা ৰাইজৰ আগত স্পষ্টকৈ জনাব।

উল্লেখযোগ্য যে, ড° জ্ঞানশ্ৰী বৰাই ২০২৩ বৰ্ষত গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল। হঠাতে অধ্যাপিকা পদ ত্যাগ কৰাৰ সিদ্ধান্তই ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ সক্ৰিয় প্ৰৱেশৰ ইংগিত নেকি—এই প্ৰশ্নই এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।
ড° বৰাইৰ এই সিদ্ধান্তক লৈ বিজেপিসহ বিভিন্ন ৰাজনৈতিক দলৰ ভিতৰতো আলোচনা চলিছে। যদিও এতিয়ালৈকে কোনো দলীয় ঘোষণাই প্ৰকাশ পোৱা নাই, তথাপিও আগন্তুক দুদিনত ড° জ্ঞানশ্ৰী বৰাইৰ সিদ্ধান্তে অসমীয় ৰাজনীতিত নতুন মোড় আনিব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।


