Garima Saikia Garg: বিবাহবাৰ্ষিকীত বৃদ্ধাশ্রমৰ আই-মাতৃক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান গৰিমা শইকীয়া গাৰ্গৰ

মানৱীয়তাৰ (Garima Saikia Garg) এক অনন্য নিদৰ্শন দাঙি ধৰি ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পিয়াৰলেছ হস্পিতালে মঠঘৰীয়াৰ মাতৃ নিৱাস বৃদ্ধাশ্ৰম আৰু সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ প্ৰায় ৪০ গৰাকী বৃদ্ধা মাতৃক প্ৰদান কৰে সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা। সমাজ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে হস্পিতাল কৰ্তৃপক্ষই এই মাতৃসকলৰ স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, ৰোগ নিৰ্ণয় আৰু ঔষধৰ যাৱতীয় সকলো খৰচ নিজেই বহন কৰে।

গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত গ্ৰহণ কৰা এই বিশেষ পদক্ষেপৰ জৰিয়তে বৃদ্ধা মাতৃসকলক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে এই কাৰ্যসূচীলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই মাতৃসকলৰ অহা-যোৱাৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়া পৰামৰ্শ, ডায়গনষ্টিক সেৱা আৰু ঔষধ যোগান ধৰে।

হস্পিতালখনৰ এদল নিৰ্দিষ্ট বিশেষজ্ঞ চিকিৎসক আৰু কাৰিকৰী কৰ্মীয়ে এই মাতৃসকলৰ স্বাস্থ্যৰ পুংখানুপুংখ পৰীক্ষা সম্পন্ন কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ নিৰ্ণয় কৰি প্ৰতিগৰাকী হিতাধিকাৰীকে প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

এই উদ্যোগৰ সন্দৰ্ভত পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে সদায় বিশ্বাস কৰে যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰে মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত অধিকাৰ আছে। জ্যেষ্ঠ নাগৰিকসকলৰ যত্ন লোৱাটো আমাৰ বাবে এক দায়িত্ব আৰু গৌৰৱৰ বিষয়। গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত আৰম্ভ হোৱা এই উদ্যোগৰ অংশীদাৰ হ’বলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু ভৱিষ্যতেও এনেধৰণৰ অৰ্থপূৰ্ণ প্ৰচেষ্টালৈ আমাৰ সমৰ্থন অব্যাহত থাকিব।”

ইফালে, হস্পিতালখনৰ প্ৰচেষ্টাৰ শলাগ জনাই গৰিমা শইকীয়া গাৰ্গে কয়, “পৰিয়ালৰ অন্য সদস্যৰ দৰেই এই মাতৃসকলো মৰম, যত্ন আৰু চিকিৎসা সেৱা পোৱাৰ যোগ্য। এই কাৰ্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আগবঢ়োৱা সৰ্বাত্মক সহযোগিতাৰ বাবে মই তেওঁলোকৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ। এনে সৰু সৰু প্ৰচেষ্টাই প্ৰকৃত প্ৰয়োজন থকা লোকসকলৰ মুখত হাঁহি বিৰিঙাব পাৰে আৰু তেওঁলোকক মানসিক শান্তি দিব পাৰে।”

৪ ফেব্ৰুৱাৰী দিনটো গৰিমা শইকীয়া গাৰ্গৰ বাবে এক বিশেষ তাৎপৰ্যৰ দিন। কাৰণ এই দিনটোতেই চিৰদিন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে যুগ্ম জীৱনৰ পাতনি মেলিছিল প্ৰয়াত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত হঠাতে হেৰাই যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি বিজড়িত তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ এই দিনটো এক মানৱীয় উদ্দেশ্যেৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গৰিমা গাৰ্গ শইকীয়াই। সেয়েহে এনে এক সমাজসেৱামূলক কাৰ্যত দিনটো উৎসৰ্গা কৰি তেওঁ ইয়াক স্মৰণীয় কৰি তোলে।

জ্যেষ্ঠ নাগৰিকসকলক, বিশেষকৈ বৃদ্ধাশ্ৰমৰ নিৱাসীসকলক মৰ্যাদাপূৰ্ণ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে অনাগত দিনতো এনেধৰণৰ জনহিতকৰ কাৰ্যসূচীৰ জৰিয়তে সমাজৰ সেৱা কৰি যাব বুলি পুনৰবাৰ নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

Related Articles