বিলাসীপাৰাত অসম গণ পৰিষদৰ নগৰ সমিতিৰ গঠন , ৩৫ জনীয়া নতুন কমিটি ঘোষণা । AGP

AGP । অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি বিলাসীপাৰা বিধান পৰিষদৰ কাৰ্যালয় প্ৰাংগনত বিলাসীপাৰা নগৰ সমিতিৰ পুনৰ্গঠন সভা সফলভাৱে অনুষ্ঠিত হয়। উক্ত গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে অসম গণ পৰিষদৰ বিধান পৰিষদৰ সভাপতি শ্ৰীযুত অমৰেন্দ্ৰ নাথে।

উক্ত সভাত উপস্থিত থাকি বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত প্ৰশান্ত কুমাৰ বৰুৱা দেৱে এক দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেখেতে অসম গণ পৰিষদৰ আদৰ্শ, ঐতিহাসিক ভূমিকা আৰু অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰাত দলটোৰ অৱদানৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। লগতে আগন্তুক সময়ছোৱাত সংগঠন অধিক শক্তিশালী কৰি তৃণমূল পৰ্যায়ত জনসাধাৰণৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।


প্ৰাক্তন বিধায়ক বৰুৱা দেৱে দলীয় কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে কাম কৰি অসম গণ পৰিষদক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ আহ্বান জনায় আৰু জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই যাবলৈ অনুৰোধ জনায়।
সভাখনত নগৰ সমিতিৰ কৰ্মকৰ্তাসকলৰ সক্ৰিয় অংশগ্ৰহণে সমগ্ৰ পৰিবেশ উদ্দীপনাময় কৰি তোলে। দলীয় সংগঠনক তৃণমূল পৰ্যায়ত অধিক মজবুত কৰাৰ লগতে আগন্তুক দিনসমূহত জনসাধাৰণৰ সমস্যা সমাধানত অগ্ৰাধিকাৰ দিয়াৰ দৃঢ় সংকল্প সভাত প্ৰকাশ পায়।


উক্ত সভাতে ধনজিত দাসক সভাপতি আৰু কাৰ্তিক কৰ্মকাৰক সাধাৰণ সম্পাদক হিচাপে লৈ অসম গণ পৰিষদৰ ৩৫ জনীয়া বিলাসীপাৰা নগৰ সমিতিৰ নতুন কমিটি গঠন কৰা হয়। নতুনকৈ গঠন হোৱা এই সমিতিয়ে বিলাসীপাৰা নগৰত দলীয় কাৰ্যকলাপ অধিক গতিশীল কৰি তোলাৰ লগতে জনসাধাৰণৰ কল্যাণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

Related Articles