বাংলাদেশত শেহতীয়াকৈ অনুষ্ঠিত(Bangladesh news) সাধাৰণ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে কুৰি বছৰৰ মূৰত দেশখনৰ শাসনৈ পুনৰ উভতি আহিছে বিএনপি৷ শুকুৰবাৰে সাধাৰণ নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে বিৰোধী জামাত-ই-ইছলামী আৰু ইয়াৰ মিত্ৰ দলসমূহে জাতীয় সংসদ বা হাউছ অৱ দ্য নেচনত ৭০খন আসন লাভ কৰে৷ ২০ বছৰৰ পিছত ক্ষমতালৈ ঘূৰি অহা বিএনপিয়ে ভোট গণনাত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত ৰাইজক ধন্যবাদ জনায়৷ ১৭৫ নিযুত মুছলমান জনসংখ্যা থকা দেশখনত শেহতীয়াকৈ চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল৷ জেন জেডৰ প্ৰতিবাদত আনকি দেশখনৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলাই আহিবলগীয়া হৈছিল৷ বিএনপিৰ মিডিয়া ছেলে এক্সৰ এটা পোষ্টত দলটোৰ বিজয়ৰ দাবী কৰি কয়, ‘বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে সংখ্যাগৰিষ্ঠ আসনত জয়লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে৷’
একাধিক সংবাদ মাধ্যমৰ মতে ৩০০ আসনৰ সংসদত বিএনপিয়ে ১৭৯খনতকৈ অধিক আসন লাভ কৰিছে৷ ২০২৪ চনৰ আগষ্ট মাহত আৱামী লীগ শাসনৰ পতনৰ পিছত দায়িত্ব লোৱা অন্তৰ্ৱৰ্তীকালীন প্ৰশাসনৰ ঠাইত নতুন নিৰ্বাচিত চৰকাৰখনে বাংলাদেশৰ শাসন ক্ষমতা লাভ কৰিব৷ ইফালে সংসদীয় নিৰ্বাচনত বিএনপিক এক নিৰ্ণায়ক বিজয়ৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীণ বাংলাদেশৰ সমৰ্থনত ভাৰত সদায় থিয় দি থাকিব বুলিও তেওঁ কয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এই বিজয়ে আপোনাৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ আস্থা প্ৰকাশ কৰিছে৷ ভাৰতে গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীণ বাংলাদেশৰ সমৰ্থনত থিয় দি থাকিব৷ মই আপোনালোকৰ সৈতে আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগবঢ়াই নিয়াৰ বাবে কাম কৰিবলৈ আগ্ৰহী৷’ ইয়াৰ পূৰ্বে বিএনপিৰ জ্যেষ্ঠ নেতা ৰুহুল কবীৰ ৰিজভিয়ে এক দলীয় বিবৃতিত পৰিসংখ্যা উল্লেখ নকৰাকৈ ইয়াক ‘বৃহৎ বিজয়’ বুলি দাবী কৰে৷ লগতে দলৰ অনুগামীসকলক ৰাজপথত উদ্যাপন কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে নামাজ পঢ়ি ভগৱানক ধন্যবাদ জনাবলৈ আহ৩ান জনায়৷ আনহাতে, বিবৃতিটোত উল্লেখ কৰা হৈছে, ‘বিএনপিৰ বৃহৎ জয়ৰ পিছতো কোনো ধৰণৰ বিজয় সমদল উলিওৱা নহ’ব৷’ বিএনপিয়ে সংসদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবাঢ়িছে আৰু ১৫০ আসনৰ সীমা অতিক্ৰম কৰিছে৷ যমুনা আৰু সময় টেলিভিছন চেনেলৰ বাতৰি অনুসৰি, বিএনপিয়ে ১৯৭খন আসন লাভ কৰিছে৷ আনহাতে, জামাত-ই-ইছলামীৰ নেতৃত্বত গঠিত ইছলামিক নেতৃত্বাধীন মিত্ৰজোঁটে ৬৩খন আসন লাভ কৰা বুলি টিভি চেনেলসমূহে উল্লেখ কৰিছে৷ জামাতৰ বাবে এইটো বিগত নিৰ্বাচনৰ ফলাফলৰ তুলনাত এক বৃহৎ সফলতা ৷
কিন্তু দলটোৱে চলোৱা সম্পূৰ্ণ জয়ৰ প্ৰচাৰ তুলনাত ই বহু কম৷ অৱশ্যে ফলাফল আনুষ্ঠানিক নহয় আৰু ভোটদান হোৱা ৩০০ সমষ্টিৰ মুঠ ২৯৯টা সমষ্টিৰ ভোট গণনা অব্যাহত আছে৷ মহিলাৰ বাবে সংৰক্ষিত সংসদত আৰু ৫০খন আসনৰ নাম দলীয় তালিকাৰ পৰা ঘোষণা কৰা হ’ব৷ বৰ্তমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হোৱা বিএনপিৰ ৬০বছৰীয়া নেতা তাৰিক ৰহমানে ভোটদানৰ প্ৰাক্ক্ষণত সকলোকে ওলাই আহি ব্যাপক মাত্ৰাত ভোটদান কৰিবলৈ আহ৩ান জনাইছিল৷ ভোটদানৰ দুদিন পূৰ্বে তেওঁ এ এফ পিক জনাইছিল যে তেওঁ ‘প্ৰবল আত্মবিশ্বাসী’ যে উচ্ছেদিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ১৫বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ত একপ্ৰকাৰ চাপত ৰখা তেওঁলোকৰ দলটোৱে ১৭ কোটি জনসংখ্যাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনত পুনৰ ক্ষমতা লাভ কৰিব৷ বিএনপিৰ নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ মেহদি আমিনে সাংবাদিকৰ আগত কয় যে দলটোৱে কমেও দুই তৃতীয়াংশ আসন লাভ কৰাৰ পথত আগবাঢ়িছে৷ সাংবাদিকৰ আগত আমিনে কয়, ‘জনসাধাৰণৰ বিপুল সমৰ্থনৰ দ্বাৰা উৎসাহিত হৈ বিএনপিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব৷’ লগতে কয় যে তাৰিক ৰহমানে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দুয়োখন আসনে লাভ কৰিছে৷ ইফালে বিএনপিৰ কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীসকলে সমগ্ৰ নিশা কটায়৷ ৪৫বছৰীয়া এগৰাকী দলীয় কৰ্মকৰ্তা ফজলুৰ ৰহমানে কয়– ‘আমি তাৰিক ৰহমানৰ নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত যোগদান কৰিম৷’

