আগন্তুক বিধানসভা (Bhupen Borah) নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনে দলীয় মহলত চাঞ্চল্য সৃষ্টি কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এ পি চি চি)ৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দলৰ পৰা পদত্যাগ কৰিছে। তেওঁ নিজৰ পদত্যাগ পত্ৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকার্জুন খাৰ্গেক প্ৰেৰণ কৰিছে বুলি দলীয় সূত্ৰে প্ৰকাশ কৰে।
দলীয় সূত্ৰৰ তথ্য অনুসৰি, আগন্তুক নিৰ্বাচনৰ বাবে আন ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা গঠনক লৈ ৰাজ্যিক নেতৃত্বৰ সৈতে বৰাৰ মতভেদ হৈছিল। বিশেষকৈ বৰ্তমানৰ এ পি চি চি সভাপতি গৌৰৱ গগৈৰ সৈতে এই বিষয়ত মতানৈক্য তীব্ৰ হৈ পৰিছিল বুলি জনা গৈছে। ইয়াৰ ফলতেই তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি দলৰ ভিতৰুৱা মহলে প্ৰকাশ কৰিছে।
বৰাৰ পদত্যাগৰ খবৰ পোৱাৰ লগে লগে সক্ৰিয় হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। দলৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনোৱা বুলি সূত্ৰে জানিবলৈ দিয়ে। দলৰ ফালৰ পৰা তেওঁক পুনৰ দলত থাকিবলৈ বুজাবলৈ চেষ্টা অব্যাহত আছে।
ইয়াৰ মাজতে ৰাজনৈতিক মহলত জোৰ জল্পনা চলিছে যে ভূপেন বৰাই অহা ২০ বা ২১ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব পাৰে। তেওঁৰ সৈতে লাখিমপুৰ জিলাৰ কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে বিজেপিত যোগদান কৰিব পাৰে বুলিও সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বৰাৰ ফালৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা নাই।
উল্লেখযোগ্য যে, ভূপেন কুমাৰ বৰাই ২০২১ চনৰ জুলাই মাহত এ পি চি চি সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ২০২৫ চনৰ জুন মাহলৈকে এই পদত আছিল। তেওঁ এজন প্ৰাক্তন বিধায়ক হিচাপেও ৰাজনৈতিক ক্ষেত্ৰত পৰিচিত।
নিৰ্বাচনৰ পূৰ্বে দলৰ এজন প্ৰভাৱশালী নেতাৰ এই পদত্যাগে অসম কংগ্ৰেছৰ সংগঠনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

