অৱশেষত(Bhupen Borah)সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাটো নিশ্চিত হ’ল৷ ফলত ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাক লৈ কালিৰে পৰা চলি থকা নাটকখনৰ আজি আনুষ্ঠানিকভাৱে যৱনিকা পৰিল৷ মঙলবাৰে আবেলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ ঘোঁৰামাৰাস্থিত বাসভৱনত উপস্থিত হৈ বৰাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত কয যে বিজেপিত যোগদান কৰিব ভূপেন বৰাই৷
২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত মন্তব্য কৰে৷ উল্লেখ্য, ভূপেন বৰাক সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত নানান কথা কয়৷ সংবাদ মেলত ভূপেন বৰাৰ বিজেপি যোগদানৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে যোগ দিব বিজেপিত৷
মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছত থাকিও ভূপেন বৰাই অসমৰ খিলঞ্জীয়া লোকৰ বাবে কাম কৰি আহিছিল৷ তেওঁ বহু কষ্ট পাইহে বিজেপিত আহিছে৷ ভূপেন বৰাই দৰদাম কৰি বিজেপিত যোগ দিয়া নাই৷ যথাযোগ্য সন্মান ভূপেন বৰাক দিয়া হ’ব বিজেপিত৷ ভূপেন বৰাৰ বাবে অসমত সমষ্টিৰ অভাৱ নাই৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন বৰা বিজেপিৰ এজেণ্ট নাছিল৷ তেওঁ লগতে কয় যে ভূপেন বৰাৰ উদ্যোগত লখিমপুৰত হ’ব বিশাল যোগদান কাৰ্যসূচী৷ কালি নিশাই বিজেপিত যোগদানৰ সিদ্ধান্ত হৈছিল৷ সংবাদ মেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ভূপেন বৰাই বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে৷ সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত৷ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই৷ মল্লিকাজুৰ্ন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছিল ভূপেন বৰাই৷ উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিছিল নিজৰ কংগ্ৰেছৰ পদবী৷ ইপিনে ২০০৬ চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা৷ লগতে ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল৷

