২৬ৰ নিৰ্বাচনলৈ নেতাৰ ভয় নে অসমপ্ৰীতিঃ বিৰোধীক বিনাশ কৰি পুনৰ গেৰুৱা নিচান উৰুৱাবলৈ দৃঢ়প্ৰতিজ্ঞ দুই ৰাজনীতিক

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত বেছি দিন নাই৷ নিৰ্বাচন আয়োগে দিয়া ইংগিত অনুসৰি অসমত ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব পাৰে বিধানসভাৰ নিৰ্বাচন৷ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বহু ৰাষ্ট্ৰীয় নেতা তথা নেত্ৰীৰে অসম ভৰি পৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত লক্ষণীয় কথাটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সঘনে কৰা অসম ভ্ৰমণ৷ ২০২৫ বৰ্ষ আৰু ২০২৬ বৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ অসম ভ্ৰমণ কৰিছে৷ অসমলৈ অহাৰ সময়ত এই দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই কেতিয়াও সুদা হাতে অহা নাই৷ তেওঁলোকে লৈ আহিছে অসম তথা উত্তৰ-পূবৰ বাবে কোটি কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প৷ শেহতীয়াকৈ শুকুৰবাৰে কাছাৰৰ নাথানপুৰ গাঁৱত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেশৰ ১৭খন ৰাজ্যক উপকৃত কৰিব পৰাকৈ মুকলি কৰে ভাইব্ৰেণ্ট ভিলেজ-২ কাৰ্যসূচী৷ ৬৮৩৯ কোটি টকাৰ এই ভাইব্ৰেণ্ট ভিলেজ-২ কাৰ্যসূচীয়ে অসমৰ ৯ খন জিলা, ২৬ ব্লক আৰু ১৪০খন গাঁৱৰ লগতে ১৭খন ৰাজ্যৰ ৩৩৪টা ব্লকৰ ১৯৫ খন গাঁও সামৰি ল’ব৷ এইখিনিতে বিজ্ঞমহলে এইবুলি আলোচনা কৰিছে যে গাঁওপ্ৰধান ভাৰতবৰ্ষত বহু গাঁও থকাৰ পিছতো গৃহমন্ত্ৰী অমিত শ্বাহে কিয় অসমৰ কাছাৰৰ নাথানপুৰ গাঁৱক বাছি ল’লে৷ যিখন গাঁৱৰ পৰা কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ বাবে আৰম্ভ কৰে ভাইব্ৰেণ্ট ভিলেজ-২ কাৰ্যসূচী৷ সমুখত বিধানসভা নিৰ্বাচন৷

এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি অসমবাসীক কেইবাটাও সপোনৰ প্ৰকল্প উপহাৰ দিছে৷ মোদী আৰু অমিত শ্বাহে অসমবাসীক শেহতীয়া কেইটামান মাহত দিয়া উপহাৰৰ তালিকাখন অতি দীঘলীয়া বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব৷ লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ভাস্কৰ বাৰ্মা সেতুৱে হওক বা বিশ্ব অভিলেখ সৃষ্টি কৰা বাগৰুম্বা নৃত্যলৈকে সকলো কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে ভিন্ন দিশৰ উন্মেষ ঘটোৱা বুলি সচেতন মহলে এতিয়া চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ ৰাজনৈতিক বিশেষজ্ঞ মহলৰ মতে বিজেপিয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিৰোধীক কোনো দিশৰ পৰাই সুবিধা দিব বিচৰা নাই৷ বিৰোধীক সকলো দিশৰ পৰাই চেপি-খুন্দি আনিবলৈ বিজেপিয়ে প্ৰচেষ্টাৰ কোনো ত্ৰুটি কৰা নাই৷ সেয়া লাগিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক নিশাটোৰ ভিতৰতে সৈমান কৰি গেৰুৱা শিবিৰত অন্তৰ্ভুক্ত কৰাই হওক বা কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দৰে নেতাকো এটা সময়ত বিজেপিলৈ অনা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদম্ভে ঘোষণা কৰি থকা কথাই বিৰোধীক এতিয়া অসমত একপ্ৰকাৰ দিশহাৰা কৰি তুলিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে আলোচনা কৰা দেখা গৈছে৷

উল্লেখ্য, তিনিটাকৈ কাৰ্যকাল অসমত শাসন কৰা কংগ্ৰেছৰ চৰকাৰ পূৰ্বৰ বিধানসভা নিৰ্বাচনত আণ্ডাৰ কাৰেণ্ট সহিব নোৱাৰি তাচপাতৰ ঘৰৰ দৰে খহি পৰিছিল৷ ইয়াৰ পিছত দহটা বছৰ৷ দহটা বছৰ ধৰি বিজেপিয়ে অসম শাসন কৰিছে৷ বহু উন্নয়নৰ টোপোলা বিজেপিয়ে অসমবাসীৰ হাতত তুলি দিছে৷ কিন্তু ইমানৰ পিছতো যেন আ(স্ত হ’ব পৰা নাই গেৰুৱা শিবিৰ৷ সেই বাবেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিৰোধী কংগ্ৰেছক মুঠেও সহজভাৱে গ্ৰহণ কৰা নাই বুলি বহুতে চৰ্চা কৰিছে৷ সেই বাবেই বিৰোধীৰ দুৰ্গত নিৰ্বাচনৰ আগে আগে বাৰে বাৰে আঘাত হানিবলৈ বিজেপি তৎপৰ হৈ পৰিছে৷ অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী ইতিহাসে এই কথা কয় যে শাসকীয় পক্ষই ভাবি থাকিলেও নিৰ্বাচনৰ ফলাফল বহু ক্ষেত্ৰত ওলোটাও হ’ব পাৰে, যি কথাৰ প্ৰমাণ ভাৰতবৰ্ষত অটল বিহাৰী বাজপেয়ী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ত বিজেপিয়ে যি ফিল্ডগুডৰ শ্ল’গানেৰে ভোটাৰক মোহিত কৰিব বিচাৰিছিল সেই শ্ল’গান অৱশেষত বিজেপিৰ বাবে যেন বুমেৰাংহে হ’ল৷ কাৰণ সেই সময়ত ভোটাৰে বহু উন্নয়নৰ মাজতো অনুন্নত হৈ থকা অঞ্চলসমূহক লৈ চৰকাৰক মুকলিকৈ প্ৰশ্ন কৰিছিল৷ এতিয়া সময় সলনি হৈছে কিন্তু বিজেপিয়ে যেন এতিয়াও সকলো কথা সহজভাৱে ল’ব পৰা নাই বুলি বহুতে আলোচনা কৰিছে৷ ২০২৬ ৰ ভয়ৰ বাবেই হওক বা অসমপ্ৰীতিৰ বাবেই হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী সঘনে অসম ভ্ৰমণ কৰিছে বুলি বহুতে মন্তব্য কৰিছে৷ বহুতে এইবুলিও কৈছে যে দলং উদ্বোধনৰ দৰে কাৰ্যসূচীয়েই হওক বা প্ৰতিৰক্ষাৰ সৈতে জড়িত কোনো কাৰ্যসূচীয়েই হওক কোনোটোকেই মোদী অথবা অমিত শ্বাহে সাধাৰণ দৃষ্টিৰে চোৱা নাই৷ সেই বাবেই তেওঁলোকে অসমলৈ আহি উদ্বোধন কৰি গৈছে ইটোৰ পিছত সিটোকৈ প্ৰকল্প৷ যিবোৰ প্ৰকল্পৰ ভিতৰত বহুকেইটা প্ৰকল্পৰ ৰাষ্ট্ৰীয় গুৰুত্ব আছে৷

বিৰোধীক সমুলঞ্চে বিনাশ কৰি অসমত পুনৰ গেৰুৱা নিচান উৰুৱাবলৈ যেন মোদী আৰু অমিত শ্বাহ দৃঢ়প্ৰতিজ্ঞ হৈ ৰৈছে৷ ফলত বহু সময়ত ভেবা লাগি চাই ৰ’বলগীয়া হৈছে বিৰোধীয়ে৷ বিৰোধীয়ে এতিয়া উন্নয়নৰ বিষয় লৈ ভোটাৰৰ কাষ চপাৰ সলনি নিজৰ দুৰ্গ কিদৰে অক্ষত ৰাখিব পাৰি সেই চিন্তাতহে ব্যস্ত হৈ থাকিবলগীয়া হৈছে৷ বিপৰীতে বিজেপিৰ শিবিৰত ধবনিত হৈছে আকৌ এবাৰ বিজেপিৰ চৰকাৰ৷ আনকি বিৰোধীয়েও মোদী অথবা অমিত শ্বাহৰ সঘন অসম ভ্ৰমণক লৈ এতিয়া প্ৰশ্ন কৰিব নোৱৰা হৈছে৷ কাৰণ বছৰৰ পিছত বছৰ ধৰি বিৰোধীয়ে শাসন কৰা অসম উন্নয়নৰ দিশত বহু পিছপৰি আছিল সেই কথা মোদী আৰু অমিত শ্বাহে উদ্বোধন কৰা বহু প্ৰকল্পই প্ৰমাণ কৰিছে৷ সেয়ে ২০২৬ ৰ ভয় নে অসমপ্ৰীতিৰ বাবে মোদী আৰু অমিত শ্বাহে সঘনে অসম ভ্ৰমণ কৰিছে সেয়া বহুতৰে বাবে এক সমাধান কৰিব নোৱৰা সাঁথৰ হৈয়ে আছে৷]

Related Articles