কোৱা (Congress-Raijor Dol) হয় ৰাজনীতিৰ অংক জংক-পংক৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক ৰুধিবলৈ বিৰোধী একত্ৰিত হ’ব বুলি চিন্তা-চৰ্চা চলিছিল যদিও এতিয়া সেই আশাত যেন চেঁচাপানী পৰাৰ উপক্ৰম ঘটিছে৷ শেহতীয়া খবৰ অনুসৰি ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ সৈতে ২০২৬ৰ বাবে মিত্ৰতাৰ খবৰ উৎসাহজনক নহয়৷ মনৰ পছন্দত বিচৰা মাত্ৰ চাৰিটা সমষ্টিহে পাইছে ৰাইজৰ দলে৷ কংগ্ৰেছৰ পৰা ৰাইজৰ দলে তিনিটা সংখ্যালঘু সমষ্টি বিচাৰিছে৷
কংগ্ৰেছে এৰি দিব বিচাৰিছে মাত্ৰ এটা৷ সেয়ে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ সম্ভাৱনা শেষ হোৱাৰ উপক্ৰম ঘটিছে৷ নিজৰ মতে প্ৰাৰ্থী দিয়াৰ পথত আগবাঢ়িছে ৰাইজৰ দল৷ প্ৰিয়ংকা গান্ধীয়ে অসম ভ্ৰমণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া চলাই থকাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ক’লে, ‘মিত্ৰতা সন্দৰ্ভত খবৰবোৰ বৰ ভাল নহয়৷’ কংগ্ৰেছলৈ চূড়ান্ত পত্ৰ লিখিছে ৰাইজৰ দলে৷ তাৰ পিছতেই ল’ব নিজা প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত৷

