অনুপ্ৰবেশকাৰীক (Amit Shah) এটা এটাকৈ বিচাৰি উলিওৱা হ’ব৷ বিজেপিয়ে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব৷ প্ৰতিজন অনুপ্ৰৱেশকাৰীক ধৰা পেলাই নিজৰ দেশলৈ বিতাড়িত কৰা হ’ব৷ শুকুৰবাৰে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাছাৰ জিলাৰ নাথানপুৰত ৬,৮৩৯ কোটি টকাৰ ভাইব্ৰেণ্ট ভিলেজেছ প্ৰোগ্ৰাম-টু [ভিভিপি-২] আচঁনিৰ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে এই কথা কয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অহা বছৰ বিধানসভা নিৰ্বাচনৰ পিছত ৰাজ্যখনত দলটোৱে ক্ষমতালৈ আহিলে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাটোৱেই হ’ব বিজেপিৰ প্ৰথম কাম৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলিকৈ কয় যে, ২০২৬ চনত পুনৰবাৰ আমি ক্ষমতালৈ আহিম আৰু আমাৰ প্ৰথম কাম কেৱল অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাই নহয়, বৰ্তমান ৰাজ্যৰ ভিতৰতে থকা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ’ব৷ কংগ্ৰেছ চৰকাৰ কেৱল অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাই নহয়, অনুপ্ৰৱেশকাৰীক লালন-পালন কৰাৰো অভিযোগ উত্থাপন কৰে তেওঁ৷
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে জয়ী হ’ব বুলি তেওঁ আত্মবিশ্বাসী৷ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, অসম দীৰ্ঘদিন ধৰি অনুপ্ৰৱেশ সমস্যাৰে জৰ্জৰিত আছিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা নাছিল ৷ বৰ্তমানৰ চৰকাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি অনুপ্ৰৱেশ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ ষাঠি হাজাৰ জনতাৰ উপস্থিতিত বিশাল জনসভাত অমিত শ্বাহে কয় যে, অসম দুটা সমস্যাৰে বিশেষভাৱে জৰ্জৰিত ৷ অসমৰ এটা সমস্যা আছিল অনুপ্ৰৱেশকাৰী৷ আৰু আনটো বানপানী৷ অনুপ্ৰৱেশকাৰীয়ে অসমীয়াৰ অধিকাৰ কাঢ়ি লৈছিল৷ কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বাবে সীমান্ত উন্মুক্ত কৰি ৰাখিছিল৷ কিন্তু বিজেপি চৰকাৰে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক ৰাষ্ট্ৰৰ মূলসুঁতিৰ সৈতে একত্ৰিত কৰা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগীৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দি এই প্ৰকল্প গ্ৰহণ কৰা হৈছে ৷ অহা পাঁচ বছৰত অসম বানপানী মুক্ত হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত অঞ্চলৰ গাঁওসমূহৰ সামগ্ৰিক উন্নয়নক গুৰুত্ব প্ৰদান কৰিছে৷ মোডীৰ মতে সীমান্তৱৰ্তী গাঁও দেশৰ শেষ গাঁও নহয়, প্ৰথমখন গাঁও৷ নাতানপুৰ গাঁও হ’ব অসমৰ প্ৰথমখন উন্নয়নশীল গাঁও৷ তেওঁ কয়, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ দ্বিতীয় পৰ্যায়ত অসমৰ ১৪০খন গাঁও উপকৃত কৰিব৷ এই ভিভিপি-২১ অধীনত ৰ,৯৫৪খন সীমান্তৱৰ্তী গাঁও আছে৷ ১৫খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চল এই আঁচনিৰ ভৌগলিক বিস্তাৰ সামৰি আছে৷
ইয়াৰ ভিতৰত আছে অসমৰ বাংলাদেশ আৰু ভূটান সীমান্তৰ ১৪০খন গাঁও৷ তেওঁ কয়, ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ৷ ইয়াৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দূৰৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি ব্যাপকভাৱে উন্নয়ন আৰু জীৱনৰ মান উন্নত কৰা৷ ২০২২-২৩ চনৰ পৰা ২০২৫-চ্ছ চনলৈ [পৰ্যায়-ৰ] আৰু পৰৱৰ্তী পৰ্যায়ত ২০২৮-২৯ চনলৈকে এই কাৰ্যসূচীৰ বাবে ৬,৮৩৯ কোটি টকা আবণ্টন দিয়া হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন ৰোধ, পৰ্যটন আৰু স্থানীয় জীৱিকাৰ সৃষ্টি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে৷ পাকিস্তান আৰু চীনৰ গাতে লাগি থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তত ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচী দীৰ্ঘদিন ধৰি চলি আহিছে৷ শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰি বাংলাদেশৰ সীমান্ততো এই কাৰ্যসূচী আয়োজন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰথমবাৰৰ বাবে কাছাৰৰ কাটিগড়া বিধানসভা সমষ্টিৰ নাতানপুৰ সীমান্তত ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচী আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি তেওঁ কয়৷ এইদিনা দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অমিত শ্বাহে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেওঁ উল্লেখ কৰে যে, পূৰ্বে সীমান্তৱৰ্তী গাঁওসমূহ বহু দিশত অৱহেলিত হৈ আছিল৷ কিন্তু এতিয়া সেই গাঁওসমূহক ‘দেশৰ শেষ গাঁও’ নহয়, ‘দেশৰ প্ৰথম গাঁও’ হিচাপে বিবেচনা কৰা হৈছে৷ পথ-ঘাট, বিদু্যৎ, পানী, মোবাইল আৰু ইণ্টাৰনেট সংযোগকে ধৰি সকলো আধুনিক সুবিধাৰে গাঁওসমূহ উন্নত কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে৷ এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ১৪০খন সীমান্ত গাঁও উন্নয়নমূলক সুবিধা লাভ কৰিব৷ লগতে পাকিস্তান আৰু বাংলাদেশ সীমান্ত সংলগ্ন প্ৰায় ২ হাজাৰ গাঁৱত এই প্ৰকল্প আৰম্ভ কৰা হৈছে৷ আঁচনিখন ভাৰত চৰকাৰৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে আৰু ই দেশজুৰি একাধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বাস্তৱায়ন কৰা হ’ব৷
উল্লেখযোগ্য যে, স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো শীৰ্ষ নেতাৰ পদধূলি পৰিছে নাতানপুৰ গাঁৱত৷ এইদিনা নাতানপুৰ সীমান্ত আউটপ’ষ্ট পৰিদৰ্শনো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ সভাখনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, আজি কাছাৰৰ নাথানপুৰত এক ঐতিহাসিক দিনৰ সূচনা হ’ল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২’ৰ শুভাৰম্ভ কৰি সীমান্তৰ গাঁওসমূহক ‘দেশৰ প্ৰথম গাঁও’ হিচাপে নতুন মৰ্যাদা প্ৰদান কৰিলে৷ ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম-২’ৰ জৰিয়তে আমাৰ ৰাজ্যৰ জ্ঝখন জিলাৰ কাছাৰৰ ৰখন গাঁৱক ধৰি ১৪০খন গাঁও বিশ্বমানৰ আন্তঃগাঁথনি, উন্নত যাতায়াত আৰু স্থায়ী জীৱিকাৰ সুবিধাৰে সমৃদ্ধ হ’ব৷ সপ্তাহৰ প্ৰতিটো ঘণ্টাত বিদু্যৎ, সুচল পথ ব্যৱস্থা আৰু শক্তিশালী টেলিকম নেটৱৰ্কে সীমান্ত অঞ্চলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ লগতে জাতীয় সুৰক্ষা অধিক সুদৃঢ় কৰিব৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দূৰদৰ্শী নেতৃত্বত উপেক্ষাৰ পৰা সবলীকৰণলৈ অসম এতিয়া বিকাশেৰে আগুৱান হৈছে৷ আজিৰ কাৰ্যসূচীয়েও পুনৰ এবাৰ তাকেই প্ৰমাণ কৰিছে৷ তেওঁ কয়, ভাইব্ৰেণ্ট ভিলেইজ প্ৰোগ্ৰামে সীমান্তৱৰ্তী গাঁওসমূহত উন্নত ৰাস্তা-ঘাট, সেতু, বিদু্যৎ, বিশুদ্ধ পানী আৰু বাসস্থানৰ সুবিধা বৃদ্ধি পাব৷ ইয়াৰ ফলত দুৰ্গম অঞ্চলসমূহ সহজে সংযুক্ত হ’ব আৰু যাতায়াত ব্যৱস্থা উন্নত হ’ব৷ মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা শক্তিশালী হ’লে অনলাইন শিক্ষা, ডিজিটেল লেনদেন সহজ হ’ব৷ কৃষি, পশুপালন, মৎস্য পালন, হস্তশিল্প আৰু ক্ষুদ্ৰ উদ্যোগসমূহক উৎসাহিত কৰা হ’ব৷ চৰকাৰী সহায়ত স্থানীয় উৎপাদন বজাৰত প্ৰৱেশৰ সুযোগ পাব, যাৰ ফলত গাঁওবাসীৰ আয় বৃদ্ধি হ’ব৷ অসমৰ সীমান্ত অঞ্চলসমূহত প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্য আছে৷ এই আঁচনিৰ জৰিয়তে পৰ্যটনৰ পৰিকাঠামো উন্নত হ’লে স্থানীয় যুৱক-যুৱতীৰ বাবে নতুন কৰ্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব৷
বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আৰু উপ-স্বাস্থ্যকেন্দ্ৰ উন্নত হ’লে গাঁওবাসীয়ে উন্নত শিক্ষা আৰু চিকিৎসা লাভ কৰিব৷ মাতৃ-শিশু স্বাস্থ্য আৰু টিকাকৰণ ব্যৱস্থা অধিক সুসংহত হ’ব৷ এই আঁচনিৰ জৰিয়তে সীমান্তবাসীৰ গাঁও এৰি যোৱাৰ প্ৰৱণতা হ্ৰাস পাব বুলি আশা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, এইবাৰ ৰাজ্যৰ ৰ লাখ ৫০ হাজাৰ বেদখল ভূমি মুক্ত কৰা হৈছে৷ অহাবাৰ আমাৰ চৰকাৰ আহিলে প্ত লাখ বিঘা মাটি উচ্ছেদ কৰা হ’ব৷ এইদিনা ভাৰতীয় নাগৰিকক বিদেশীৰ ওচৰত মাটি বিক্ৰী নকৰিবলৈ আহ৩ান জনায়৷ ইয়াৰ আগতে তেওঁ কেতিয়াও নাতানপুৰ গাঁৱলৈ অহা নাছিল৷ অথচ আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহিছে৷ অহা ১৪ মাৰ্চত আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচগ্ৰামৰ পৰা গুৱাহাটীলৈ ২২ হাজাৰ কোটি টকাৰ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হ’লে ছাৰে চাৰি ঘণ্টাত গুৱাহাটী পোৱা সম্ভৱ হ’ব৷ ইপিনে এমাহৰ ভিতৰত ইষ্ট ৱেষ্ট কৰিড’ৰ হৈ যাতায়াত ব্যৱস্থা আৰম্ভ হ’ব৷ এইদিনা অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় বিষয়া ৰাজীৱ কুমাৰে প্ৰমুখ্যে বক্তব্য আগবঢ়ায়৷ সভাখনত উপস্থিত আছিল মন্ত্ৰী কৌশিক ৰয়, মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কনাদ পুৰকায়স্থ, বিধায়ক কমলাক্ষ দে’, বিধায়ক বিজয় মালাকাৰ প্ৰমুখ্যে৷

