কংগ্ৰেছলৈ প্ৰশ্ন মুখ্যমন্ত্ৰীৰঃ প্ৰিয়ংকা গান্ধী কিয় নগ’ল ৮৬০ শ্বহীদৰ স্মৃতিত নিৰ্মিত শ্বহীদ ক্ষেত্ৰলৈ

পাকে-প্ৰকাৰে পুনৰ অসমবাসীৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰসংগই ৰাজনীতিত স্থান পালে৷ কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে৷ এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভত দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ কেইবাৰো অহাৰ পিছতো জুবিন ক্ষেত্ৰলৈ নোযোৱা সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল৷ ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নাপায়৷ আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব৷ যেতিয়ালৈকে নিৰ্বাচন চলি থাকে তেতিয়ালৈ মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ ৷

ভগৱানে কৰিলে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ জুবিন ক্ষেত্ৰলৈ যাম৷’ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ আমাৰ প্ৰাৰ্থীসকলো জুবিন ক্ষেত্ৰলৈ নাযায় ৷ আমি জুবিনক লৈ ৰাজনীতি নকৰো৷ কংগ্ৰেছে জুবিনক লৈ মুকলিকৈ ৰাজনীতি কৰিছে৷ আমি নিৰ্বাচনৰ এই সময়ত জুবিনক ৰাজনীতিৰ মাজলৈ অনাটো নিবিচাৰো৷ প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামত আহি জুবিনক লৈ ৰাজনীতি কৰিছে৷’ মুখ্যমন্ত্ৰীয়ে কয়, ‘প্ৰিয়ংকা গান্ধী দলীয় কামতহে অসমলৈ আহিছিল৷ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা নাছিল৷ জুবিনৰ কাৰণে কংগ্ৰেছৰ কোনোবাই তেজ দিছিল নেকি জন্মদিনত৷ কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে, মোক কওক ৷

জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে৷ জুবিন ক্ষেত্ৰখনৰ বাবে স্থান কোনে নিৰ্ধাৰণ কৰিলে৷ আমি স্থানটো কৰি দিছো৷ জুবিন ক্ষেত্ৰ প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে৷ গতিকে ৰাজনৈতিক কামত আহিলে সুযোগ লৈ যাব নাপায়৷’ তেওঁ আৰু কয়, ‘জুবিন ক্ষেত্ৰত বিজেপিয়ে ক’তো কোনো কমি ৰখা নাই৷ বিজেপিৰ বাৰ হাজাৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনা ৰক্তদান কৰিছিল৷ বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে৷ প্ৰিয়ংকা গান্ধীয়ে কৈছে জুবিনৰ নাম শুনা নাই৷ যদি শুনা নাই কিয় গৈছে, তাৰ মানে ভোটৰ বাবে গৈছে৷ এনেকে অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱাৰ পৰম্পৰা বহুত পুৰণি৷’ তেওঁ কয়, ‘প্ৰিয়ংকা গান্ধী কিয় ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ ক্ষেত্ৰলৈ নগ’ল৷ সেই প্ৰশ্নটো কোনেও নকৰে৷ প্ৰিয়ংকা গান্ধী কিয় ভূপেন হাজৰিকাৰ সমাধিস্থললৈ নগ’ল৷ বৰদোৱাৰ শংকৰদেৱৰ আৱিৰ্ভাৱ তীৰ্থত প্ৰিয়ংকা গান্ধী কিয় নগ’ল৷ মানুহ আৱেগিক হৈ থকা বাবে ভোটৰ স্বাৰ্থত জুবিন ক্ষেত্ৰলৈ গ’ল৷ নিৰ্বাচনৰ পিছত যাব লাগিছিল৷ নিৰ্বাচন খেলাসকল জুবিন ক্ষেত্ৰৰ পৰা আঁতৰত থাকিব লাগে৷’ ইফালে জুবিন গাৰ্গ গোচৰৰ ফাষ্টট্ৰেক আদালত গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘ফাষ্টট্ৰেক আদালতক লৈয়ো এটা ৰাজনীতি কৰি আছে ৷ প্ৰথম কথা হৈছে যে বৰ্তমান যিগৰাকী ন্যায়াধীশৰ তাত গোচৰতো চলি আছে, সেইগৰাকী ন্যায়াধীশে প্ৰতিখন জামিন আৱেদন নাকচ কৰিছে৷ দুজনে বাধ্য হৈ জামিনৰ আৱেদন উঠাই লৈছে ৷ তিনিখন জামিন আৱেদন এইগৰাকী ন্যায়াধীশে নাকচ কৰিছে ৷

এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে ৷ চাৰি-পাঁচ মাহ পিছতো এইগৰাকী ন্যায়াধীশে তিনিজন অভিযুক্তৰ জামিন আৱেদন নাকচ কৰিছে৷ সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে৷ এই দিশটোৰ ক্ষেত্ৰত আমি চ্ছ ফেব্ৰুৱাৰীত কেবিনেটত সিদ্ধান্ত ল’ম৷ আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশে অন্ততঃ পুলিচৰ নিৰাপত্তাৰক্ষী দুজনক জামিন দিলেহেঁতেন৷ তেওঁ কয়, ‘আনহাতে যিকোনো ন্যায়াধীশে মহিলা বুলি অমৃতপ্ৰভা মহন্তক জামিন দিলে হয়৷ কিন্তু এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আৱেদন নাকচ কৰিছে আৰু ভয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন আৱেদন উঠাই লৈছে৷ এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা গোচৰটো আঁতৰোৱাৰ বাবে এটা ‘হাৱা’ নিৰ্মাণ কৰা হৈছে৷ মই ৰাইজৰ মতে চলো৷’ তেওঁ কয়, ‘ৰাইজে বিচাৰিলে পিছত মই ফাষ্টট্ৰেক আদালতত দি দিম৷ কিন্তু তাৰ পিছৰ যিখিনি ঘটনা হ’ব তাৰ দায়িত্ব সেইসকলে ল’ব লাগিব৷

এচামে গোচৰটো আঁতৰোৱাৰ পিছত লাগি আছে৷ এইগৰাকী ন্যায়াধীশে জামিন নিদিয়ে৷ তাৰ মানে নিৰ্বাচনৰ পূৰ্বে বেলেগ এগৰাকী ন্যায়াধীশৰ ওচৰলৈ গোচৰটো যাওক আৰু জামিন এটা হওক৷ যাতে জামিন হ’লে মোক আক্ৰমণ কৰিব পাৰে৷ এইবোৰ সম্পূৰ্ণৰূপে জুবিনৰ নামত ৰাজনীতি৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিক শ’লঠেকত পেলাবৰ কাৰণে চক্ৰান্ত কৰা হৈছে৷ আমাক কৃতিত্ব দিয়াৰ বিপৰীতে ষড়যন্ত্ৰ কৰা হৈছে৷’ জুবিন ক্ষেত্ৰত বিদু্যৎ কৰ্তন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘একাংশই জুবিন গাৰ্গক শান্তিত থাকিব নিদিয়ে৷ জুই লাগি তাঁৰ ছিগিল একদম হুলস্থূল কৰি দিলে৷’

Related Articles