ক’ৰনাৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱা কৰি থকা সাংবাদিক সকলকো চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি নগাঁও প্ৰেছ ক্লাবৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে আজি নগাঁও প্ৰেছ ক্লাবত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে।আজি সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু অন্যান্য লোককো ভেকচিন প্ৰদান কৰা হয়। নগাঁও প্ৰেছ ক্লাবত আজি প্ৰায় ২২০ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। আজি ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা° মধুমিতা বৰা, স্বাস্থ্য বিষয়া ডা° ডেইজী বৰা, এল এইচ এছ চামচুন নেহাৰ, নাৰ্চ ক্ৰমে হেমা প্ৰভা ডেকা, পম্পী নাথ, হেনা কাশ্যপ, অৰ্চনা নাথ, ৰূপাঞ্জলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদক দ্বয়, ভাস্কৰ জ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই সাংবাদিক সকলক ভেকচিন প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও প্ৰেছ ক্লাবে ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাই। আনহাতে আজিৰ পৰা ১৪ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলক এই ভেকচিন প্ৰদান কৰা হৈছে। সেই অনুসৰি নগাঁও চহৰৰ ১নং আমোলাপট্টি এল পি স্কুল, জিতেন শইকীয়া এল পি স্কুল, নুৰুদ্দিন এম ই স্কুলৰ লগতে ৰহা এম ভি স্কুল, কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাঁও এ, কে হাই স্কুল, শিঙিমাৰী মহম্মদ আলি হাই স্কুল, কুৱঁৰীটোল হাই স্কুল, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং হিন্দী মাৰোৱাৰী এল পি স্কুলত আজি এই ভেকচিন প্ৰদান কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…