ডিব্ৰুগড়ৰ শ্মশানপাৰা অঞ্চলত সংঘটিত এক চুৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুজন ৰাজ-মিস্ত্ৰী হাতে-লোটে ধৰা পৰে।

স্থানীয় সূত্রে প্ৰকাশ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ পৰা কেইজনমান শ্রমিক ৰাজ-মিস্ত্ৰীৰ কামৰ বাবে ডিব্ৰুগড়লৈ আহিছিল। অসীম পাল নামৰ এজন ঠিকাদাৰে কামৰ সুবিধাৰ্থে তেওঁলোকক শ্মশানপাৰা অঞ্চললৈ আনিছিল। অভিযোগ অনুসৰি, সেই শ্রমিকসকলৰ মাজৰে ৰমিজ আলী আৰু আশ্ৰাফুল আলী নামৰ দুজনে এখন ঘৰত গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰাংকৈ প্ৰৱেশ কৰে।

কিন্তু চুৰি কৰাৰ সময়তে স্থানীয় ৰাইজে সন্দেহ কৰি দুয়োকে হাতে-লোটে ধৰা পেলায়। পিছত ক্ষুব্ধ ৰাইজে অভিযুক্ত দুজনক আৰক্ষীৰ হাতত অৰ্পণ কৰে। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে আটক কৰি থানালৈ লৈ যায়।
বৰ্তমানে আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত বিশদ অনুসন্ধান আৰম্ভ কৰিছে। আন কোনো ব্যক্তি এই ঘটনাৰ সৈতে জড়িত আছে নে নাই সেই বিষয়েও তদন্ত অব্যাহত আছে।
ইফালে স্থানীয় ৰাইজে অঞ্চলটোত বহিঃজিলাৰ পৰা অহা শ্রমিকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। আৰক্ষী বিভাগে নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু সন্দেহজনক কোনো কাৰ্যকলাপ দেখা পালে তৎক্ষণাৎ খবৰ দিবলৈ আহ্বান জনাইছে।

