হতাশ গৌৰৱ গগৈঃ আস্থাত ল’ব পৰা নাই অখিলক !

২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিৰোধীৰ মিত্ৰতাৰ বিষয়টোও বেছ গুৰুত্ব লাভ কৰিছে৷ কিন্তু এতিয়াও বিৰোধীৰ মিত্ৰতাৰ বিষয়টো অস্পষ্ট হৈয়েই আছে৷ সেয়ে বহু প্ৰশ্ন কৰিছে কি হ’ব বিৰোধী দলৰ মিত্ৰতা? লক্ষ্যণীয় কথাটো হল প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত আন বিৰোধী দলৰে মিত্ৰতাৰ প্ৰসংগটোৱে ক্ৰমাৎ গতি লৈছে যদিও ৰাইজৰ দলৰ ক্ষেত্ৰত থমকি ৰৈছে৷ অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ মিত্ৰতা বিশেষকৈ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে যদিও ৰাইজৰ দলৰে বুজাবুজি ক্ৰমাৎ জটিলহৈ পৰিছে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিত্ৰতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষাৰত হৈ আছে যদিও কেইখনমান আসনকলৈ কংগ্ৰেছৰে ঐক্যমতত উপনীত হ’ব পৰা নাই৷ আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মতানৈক্য চলি থকাৰ মাজতে বুধবাৰে গুৱাহাটীত এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘তেওঁ আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কয়৷ তেওঁৰ দৰে মিডিয়াত কথা কোৱাৰ আমাৰ অভ্যাস নাই৷ সেইটো আমাৰ পৰম্পৰা নহয়৷ আনুষ্ঠানিকভাৱে ভালদৰে বহি আলোচনা কৰি কথাবোৰৰ গোপনীয়তা বাহাল ৰঞ্জাখি আমি কথাবোৰ কওঁ৷ আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি চলোঁ৷ এতিয়ালৈকে কোন কেইটা দলৰ লগত কোন কেইখন আসনৰ ওপৰত আলোচনা হৈছে সেই কথাই মই কোৱা নাই৷ মিডিয়াত তেনেদৰে কথা কোৱা আমাৰ পৰম্পৰা নহয় আৰু অভ্যাসো নাই৷’ অখিল গগৈৰ প্ৰসংগত গৌৰৱ গগৈয়ে পুনৰ কয়, ‘তেওঁ এনেকুৱা এজন বিধায়কক ল’লে যিজন বিধায়কক কংগ্ৰেছ দলে নিলম্বিত কৰিছে৷ এনেকুৱা এজন বিধায়কক লৈ তেওঁ টিকট দিয়া বুলি আমি মিডিয়াত জানিব পাৰিছোঁ৷ আন এজন বিধায়কক লৈছে, যিজনকলৈ আমাৰ দলত বহুত অভিযোগ আছিল৷ তেওঁ সেইজনক নিজৰ দলত লৈ প্ৰাৰ্থী হিচাপে আগবঢ়াব বিচাৰিছে৷ গতিকে এনেকুৱা পৰিৱেশ-পৰিস্থিতি আমি বহুত দিনৰ পৰা চাই আছোঁ ৷

ইয়াতকৈ বেছি মই নাভাবোঁ৷ মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ৷’’ অখিল গগৈৰ অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে লগতে কয়, ‘‘ৰাইজে কি ভাবিব মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ৷ ৰাইজে সকলো কথা জানে আৰু বুজি পায়৷ মই নাভাবোঁ যে মোৰ কোৱাৰ অধিকাৰ আছে ৷ ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ শক্তি বেছি৷ পঞ্চায়ত নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত সকলোৱে দেখিছে ৷’’গৌৰৱ লগতে গগৈয়ে কয়, ‘‘বিভিন্ন দলৰ লগত আমাৰ বুজাবুজি সম্পন্ন হৈছে৷ কেৱল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে৷ ৰাইজৰ দলৰ লগত কথাবোৰ আনুষ্ঠানিক হোৱা নাই৷ আজিও মই পজিটিভ হৈ আছোঁ৷ মিত্ৰতা হোৱাটো ভাল৷ কিন্তু সঁচাকৈ ক’বলৈ গ’লে আগতে মই যিমান পজিটিভ আছিলো আজিৰ তাৰিখত মোৰ শক্তিটো ক’ৰবাত অলপ কমিছে ৷

তথাপিও মই শেষ পৰ্যায়লৈ আমাৰ দলৰ সকলোকে বুজাবলৈ চেষ্টা কৰিম যে কিয় সকলোকে লোৱাটো ভাল হ’ব ৷ কিন্তু আজিলৈকে সেয়া সম্পন্ন হৈ উঠা নাই ৷ আগৰ দৰে মোৰ মনটো এতিয়া সক্ৰিয় তথা পজিটিভ নহয় ৷ মই পজিটিভ মানুহ৷ সকলোকে লোৱাটো ভাল হ’ব৷ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব বিচাৰিছে সেই কথা মই ভালদৰে জানো৷’’সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে লগতে কয়, ‘‘কংগ্ৰেছে নিলম্বন কৰা এজন বিধায়ক আৰু অভিযোগ থকা এজন বিধায়কক আমাৰ সতীৰ্থ এজনে লৈছে৷ এই কথাটোৱে কি বুজাই আমিও ভালদৰে বুজিব পৰা নাই৷ সেই কাৰণে আমি আমাৰ দলৰ নেতৃত্বকো বুজাব পৰা নাই৷’’ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘ইতিমধ্যে আলোচনা সম্পন্ন হোৱাৰ প্ৰতিবেদন আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছোঁ৷ আজিৰ তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে৷ সেই কথাও আমি জনাইছোঁ৷ সকলোখিনি সম্পন্ন হ’লে আমি সকলোকে জনাম৷ বিভিন্ন দলৰ লগত আলোচনা সম্পন্ন হৈছে ৷’’

Related Articles