ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে শিক্ষক , কবি , গীতিকাৰ, সুৰকাৰ তথা চাবুৱা সমষ্টিৰ অন্তৰ্গত লাইপুলিৰ নিবাসী অমৃত ৰাজখোৱাই একক প্ৰচেষ্টাৰে এটি পুথিভঁৰাল নিজা বাসভৱনত নিৰ্মাণ কৰি আজি মুকলি কৰা খবৰে সমগ্ৰ অঞ্চলটোতে এক আনন্দৰ জোৱাৰ আনিছে । অমৃত কুটিৰত আজি এক অনুষ্টুপীয়া পৰিৱেশৰ মাজত শিশু শিল্পী আইচেনা ৰাজখোৱাই পৰিৱেশন কৰা এটি গীতৰে শুভাৰম্ভ হোৱা পুথিভঁৰালটি কাপ্তানচুক গাঁৱৰ গাঁওবুঢ়া কুলাই বৰা আৰু বৰবুঢ়া অম্বেশ্বৰ গোহাঁইয়ে যুটীয়াভাৱে ফিটা কাটি উদ্বোধন কৰে। গ্ৰাম্যাঞ্চলৰ কণ কণ ল’ৰা ছোৱালীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ এটা সুস্থ বাতাবৰণ গঢ়ি তোলাৰ মানসেৰে ব্যক্তিজনে এনে এক মহৎ কাৰ্য কৰা বুলি সাংবাদিকয় আগত ব্যক্ত কৰিছে । প্ৰায় ২০ জন লোকে একেলগে পঢ়িব পৰা সুবিধা থকা উক্ত পুথিভঁৰালটোত অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাৰ প্ৰায় ৫ হেজাৰৰ বিভিন্ন পৰ্যায়ৰ কিতাপ ৰখাৰ পৰিকল্পনা কৰা কথা শিক্ষক অমৃত ৰাজখোৱাই জনাইছে। আজি অনুষ্ঠানত মটক যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল নেওগ উপস্থিত থাকে। সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে আজি অনুষ্ঠানটি আতঁ আৰু শলাগৰ শৰাই আগবঢ়ায় অমৃত ৰাজখোৱাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…