পশ্চিমবংগত শনিবাৰে (Mamata Banerjee) বিয়লি ৰাজ্যখনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে৷ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় সংশোধন বা এছ আই আৰ প্ৰক্ৰিয়াৰ অন্তত এই তালিকা প্ৰকাশ কৰা হৈছে৷ এই নতুন তালিকাত বিশেষকৈ দক্ষিণ কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিজৰ সমষ্টি ভৱনীপুৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে৷ চৰকাৰী তথ্য অনুসৰি এই এটা সমষ্টিৰ পৰাই ৪৭,ৰৰৰজন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷ এইসকল লোকক মৃত, স্থায়ীভাৱে স্থানান্তৰিত, অনুপস্থিত বা ভুৱা বুলি চিনাক্ত কৰি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে৷ ইয়াৰ উপৰি ভৱনীপুৰৰে প্ৰায় ১৪,১৫৪জন ভোটাৰৰ নাম বৰ্তমান ‘আণ্ডাৰ এড্জুডিকেচন’ বা বিচাৰাধীন হিচাপে ৰখা হৈছে, যিসকলে এতিয়াও ন্যায়িক বিষয়াৰ ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে৷ এই বিশেষ সংশোধন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়তে ভৱনীপুৰ সমষ্টিত ৪৪,৭৮৭জন অনুপস্থিত, স্থানান্তৰিত, মৃত বা ডুপ্লিকেট ভোটাৰ থকাৰ কথা ধৰা পৰিছিল৷ নিজৰ সমষ্টিত ইমান বৃহৎসংখ্যক ভোটাৰৰ নাম কৰ্তন হোৱা বিষয়টোৱে তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি মমতা বেনাৰ্জীয়ে ইতিমধ্যে দলৰ নেতা আৰু বুথ লেভেল এজেণ্টসকলৰ সৈতে কেইবাখনো জৰুৰী বৈঠকত মিলিত হৈছে৷ ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা এই তালিকাই দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক তৰ্ক আৰু আইনী যুদ্ধৰ অৱসান ঘটাইছে৷ বৰ্তমান ৰাজ্যৰ সকলো বি ডি অ’, এছ ডি অ’ আৰু জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এই তালিকা উপলব্ধ কৰা হৈছে যাতে ভোটাৰসকলে নিৰীক্ষণ কৰিব পাৰে৷ পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালাৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য মতে,

শুনানিৰ পূৰ্বেই খচৰা তালিকাৰ পৰা মুঠ ৬৫ লাখ ভোটাৰক আঁতৰোৱা হৈছিল৷ ইয়াৰ ভিতৰত ৫৮ লাখ ভোটাৰ আছিল অনুপস্থিত বা মৃত শ্ৰেণীৰ৷ আনহাতে, প্ৰায় ৬০ লাখ ভোটাৰক লৈ অনি(য়তা থকাৰ বাবে তেওঁলোকক ন্যায়িক পৰ্যালোচনাৰ অধীনত ৰখা হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এতিয়া ন্যায়িক বিষয়াসকলেহে এইসকল লোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ মৰ্যাদা নিৰ্ণয় কৰিব৷ উল্লেখ্য যে ১৬ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা তালিকাত জ্জ.০৮ কোটি ভোটাৰ আছিল৷ এতিয়া চূড়ান্ত তালিকাত ভোটাৰসকলক ডিলিট কৰা, বিচাৰাধীন আৰু অনুমোদিত হিচাপে স্পষ্টকৈ ভাগ কৰা হৈছে৷ এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যিক বিজেপিয়ে শাসকীয় দলক তীব্ৰ আক্ৰমণ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে দাবী কৰিছে যে যি ৬৫ লাখ নাম কৰ্তন কৰা হৈছে, তাৰ ভিতৰত ২৪ লাখ লোকেই মৃত৷ তেওঁ অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছে ইমান দিনে এই মৃত ভোটাৰৰ নামত ভুৱা ভোট দি নিৰ্বাচনত জয়লাভ কৰি আহিছিল৷ এইবাৰ নিৰ্বাচনত জালিয়াতি কৰাটো শাসকীয় দলৰ বাবে কঠিন হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ অকল ভৱানীপুৰেই নহয়, কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণৰ দৰে গুৰুত্বপূৰ্ণ জিলাৰ পৰাও প্ৰায় ছয় লাখৰো অধিক নাম কৰ্তন কৰা হৈছে৷ কলকাতা উত্তৰৰ পৰা চাৰি লাখ আৰু কলকাতা দক্ষিণৰ পৰা ২.১৫ লাখ নাম আঁতৰোৱা হৈছে৷ প্ৰকাশিত তথ্য অনুসৰি কলকাতাৰ চৌৰিঘী সমষ্টিত সৰ্বাধিক ৭৪,৫০৫ টা আৰু যোৰাছংকোত ৬৭,৫৭৮ টা সংগ্ৰহ কৰিব নোৱৰা গণনা প্ৰ-পত্ৰ বা ই এফ পোৱা গৈছে৷ চৌৰিঘী, যোৰাছংকো, কলকাতা বন্দৰ আৰু বালীগঞ্জৰ দৰে সমষ্টিসমূহত ইমান বৃহৎসংখ্যক বিসংগতিয়ে আয়োগক চিন্তিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে এই প্ৰায়বোৰ সমষ্টিতে ২০২১ চনত মমতা বেনাৰ্জীৰ দলে জয়লাভ কৰিছিল৷ মৃত ব্যক্তি বা একেজন ব্যক্তিৰে একাধিক নাম থকাৰ দৰে কাৰকসমূহৰ বাবেই এই বৃহৎ পৰিমাণৰ নাম কৰ্তন কৰা হৈছে৷ এই সংশোধনীয়ে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনী সমীকৰণত এক ডাঙৰ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে৷

