জুবিন গাৰ্গক পুনৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কংগ্ৰেছৰ ।

আশীৰ্বাদ যাত্ৰাৰ সময়ত কংগ্ৰেছী নেতা-পালি নেতাই জুবিন গাৰ্গক অস্ত্ৰ হিচাপে লৈ প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছে আশীৰ্বাদ যাত্ৰাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছিল, কিন্তু ৰাইজৰ আশীৰ্বাদ এই চেষ্টা বিফল হয়: মুখ্যমন্ত্ৰী

অসমৰ ৰাজনীতিত পুনৰ জুবিন গাৰ্গক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে কংগ্ৰেছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত কংগ্ৰেছী নেতা-পালি নেতাই জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, ডিগবৈত মুখ্যমন্ত্ৰীৰ ৰেলীত জুবিন গাৰ্গৰ নাম লৈ শ্ল’গান দিয়া সুদীপ ছেত্ৰী আৰু দিগন্ত দাস বালিজান কংগ্ৰেছৰ সৈতে জড়িত। থিক একেদৰে টিহুত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক শ্ল’গান দিয়া ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় মণ্ডল, ভাস্কৰ দ্বীপ বৰ্মণ, দীপংকৰ দাস, দীপংকৰ শৰ্মা, বিকি আৰু বিপ্লৱ পাঠক কংগ্ৰেছ আৰু আছুৰ সদস্য বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত এগৰাকী সদস্যই এই সকলোবোৰ কংগ্ৰেছ কৰ্মীৰ ষড়যন্ত্ৰ আছিল বুলি স্বীকাৰ কৰে। ডিগবৈত কংগ্ৰেছ কৰ্মীসকলক এনে নিৰ্দেশ প্ৰদান কৰিছিল কংগ্ৰেছৰ টিকট প্ৰত্যাশী এগৰাকী নেতাই। আনহাতে টিহুত এই ধৰণৰ কাৰ্যসূচীৰ বাবে কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ এজন নেতা তথা টিকট প্ৰত্যাশায়েই নিৰ্দেশ দিয়া বুলি অভিযোগ উঠিছে। ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে সংগীত শিল্পী জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰাক লৈ ইতিমধ্যে বহু লোকে কংগ্ৰেছক সকীয়াই দিছে। লগতে, সামাজিক মাধ্যমত টিহুৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণকাৰী কেইজনমান যুৱকৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰাৰ লগতে নতুনকৈ বিতৰ্ক তীব্ৰ হৈ উঠিছে। উল্লেখযোগ্য যে, জন আশীৰ্বাদ যাত্ৰাৰ সফলতাৰ মাজতেই কংগ্ৰেছৰ কিছু নেতাই জুবিন গাৰ্গৰ নাম সাঙুৰি ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত কৰিবলৈ চেষ্টা কৰা বুলি বিজেপি মহলে অভিযোগ তুলিছে।

ইয়াৰ পূৰ্বেও নিজৰ নিৰ্বাচনী গীতত জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰাৰ অভিযোগত কংগ্ৰেছ সমালোচনাৰ সন্মুখীন হৈছিল। আনহাতে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় – কংগ্ৰেছে আশীৰ্বাদ যাত্ৰাৰ কেইবাটাও স্থানত বিঘ্ন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাইজৰ বিপুল সমৰ্থনৰ বাবে সেই চেষ্টা সম্পূৰ্ণ বিফল হয়।

Related Articles