অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ সম্পূৰ্ণ কৰা জুবিন উদ্যান, জুবিন গাৰ্গৰ আবক্ষ মূৰ্তি আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ নামত এখন পদসেতু সন্ধিয়া উন্মোচন কৰে জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত আৰু নগাঁও পৌৰসভাৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা জুবিন উদ্যান ,জুবিন গাৰ্গৰ আবক্ষ মুৰ্তি উন্মোচন কৰি দিয়া ভাষণত মন্ত্ৰী হাজৰিকাই কয় যে আমি কম বয়সতে জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈ আছো৷ প্ৰায় ৩০য৩৫ বছৰ ধৰি গীতেৰে, সুৰেৰে জুবিন গাৰ্গে অসমীয়া জাতিক মোহাচ্ছন্ন কৰি ৰাখিছিল৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে জুবিন গাৰ্গে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে জুবিন গাৰ্গে অসমক বহু দি গ’ল, বহু কৰি থৈ গ’ল৷ জুবিন গাৰ্গৰ স্মৃতি জাতিটোৱে সদায় সজীৱ কৰি যাতে ৰাখিব পাৰে, তাৰেই আজি এক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ জুবিন গাৰ্গে অসমীয়া জাতিক বহু দুৰ আগুৱাই থৈ গ’ল৷ এতিয়া তেওঁক সোঁৱৰণ কৰাৰ সময়৷আমি আজি এই কামৰ শুভাৰম্ভ কৰিছো৷ এইয়া আৰম্ভণিহে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে অকল আসমতেই নহয়, সমগ্ৰ বিশ্বৰ মানস পটত জুবিন গাৰ্গক জীয়াই ৰাখিম৷ আনহাতে, বিগত পাঁচটা বছৰত নগাঁও চহৰৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বৰ তুলনাত নগাঁওখনৰ বহু পৰিবৰ্তন হ’ল৷ নগাঁও চহৰৰ নতুন ৰূপ দিয়াত বিধায়ক ৰূপক শৰ্মাৰ ভূমিকাক মন্ত্ৰী হাজৰিকাই প্ৰশংসা কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰাৰ লগতে জুবিন গাৰ্গৰ লগত থকা সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবেই এই প্ৰয়াস কৰা হৈছে৷ উদ্যানখনত ৱাকিং জ’ন, অপেন জিমকে ধৰি আন কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই এই উদ্যানখনে ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিব বুলি মন্তব্য কৰে৷ অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰাকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷ইপিনে অসমৰ চুকে কোনে বিজেপি দলৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে এইবাৰ পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি সকলোৱে জানে৷ আনহাতে, বিৰোধীৰ ঐক্য মঞ্চ কেতিয়াও নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে বিৰোধীৰ ঐক্য মঞ্চত জোঁট-পোট পূৰ্বৰ পৰাই লাগি আছে৷ বিৰোধীৰ মাজত ঐক্যৰ অভাৱ৷ আনহাতে, মিঞা সন্দৰ্ভত নিজৰ ভাবধাৰা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিঞা বুলি ক’লে প্ৰকৃত মিঞাই বেয়া নেপায়৷ ডুি›কেট মিঞাই হে বেয়া পায়৷ ইপিনে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম ‘ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ’ সলনি ‘বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিতাল’ নামাকৰণ কৰা চৰকাৰৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয় যে অসমৰ বাকী সকলো চিকিৎসা মহাবিদ্যালয়ৰ নামাকৰণ সংশ্লিষ্ট ঠাইৰ নামেৰে কৰা হৈছে৷ সেয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইপিনে মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি অসম চৰকাৰৰ অধীনৰ অনুসূচীত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত নগাঁও ডচন উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, নগাঁও বাঙ্গালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ [গৰু ফিল্ড]ত দৰ্শকৰ বাবে নতুনকৈ নিৰ্মাণ কৰা গেলেৰীৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷

