প্ৰকাশৰ বাবে সাজু মানস প্ৰতিম দত্তৰ শিশু-গল্প সংকলন মানুৰ অংকৰ উত্তৰ বহীখন

মণিকূট প্ৰকাশনে অহা বসন্তৰ বতৰতে মানস প্ৰতিম দত্তৰ এখন মনোমোহা শিশু-গল্প সংকলন ‘মানুৰ অংকৰ উত্তৰ বহীখন’ প্ৰকাশৰ যো-জা চলাইছে। শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম গল্পৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনী আৰু জীপাল ছবিয়ে যুৱ মনত নৈতিকতা আৰু ইতিবাচক পৰিৱেশ সুৰক্ষা মানসিকতাৰ ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব।

ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক, অনুবাদক, শিক্ষক মানস প্ৰতিম দত্তই তেওঁৰ শিশু-গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে। এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।

‘মানুৰ অংকৰ উত্তৰ বহীখন’ মূলতঃ শিশুসকলৰ মাজত নৈতিক মূল্যবোধ সৃষ্টি কৰিব পৰা গল্প সংকলন। পৰিৱেশ, সামাজিক মূল্যবোধ আৰু নৈতিকতা বিষয়ক বাৰ্তাক নিভাজ ৰূপত তুলি ধৰা হৈছে। এই সংকলনটিৰ কেওটা কাহিনীয়েই পৰিৱেশ আৰু বিদ্যালয়কেন্দ্রিক। সংকলনটিৰ মূল পটভূমি হৈছে শিক্ষক হিচাপে লেখকে দেখা পোৱা শিক্ষার্থীৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান চিন্তা। আয়াং, দর্শিত, মানু, বিতু, মন ছাৰ, বাবু আদি চৰিত্ৰ সমূহ আমাৰ তেনেই চিনাকি। কেওটা কাহিনী পঢ়িলে অনুভৱ কৰিব পাৰি যে সেয়া আমাৰ পৰিৱেশ আৰু বিদ্যালয়ত দেখা দিয়া সমস্যাই। আনকি বহু শিক্ষার্থীয়ে সেয়া নিজৰ লগতো ৰিজাব পাৰিব। এয়া কেৱল কাহিনী নহয়, সমাজ সচেতনতাৰ প্রতি শিশু-কিশোৰৰ মনত নৈতিকতা আৰু দায়িত্ববোধৰ বীজ সিঁচাৰ হাতপুথি হ’ব পাৰে বুলি লেখক দত্তই জনাইছে।
মণিকূট প্ৰকাশনে প্ৰকাশ কৰিবলগীয়া এই গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ আৰু নৈতিকতা বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

Related Articles