ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটলৈ অসমৰ তিনিগৰাকী নিৰ্বাচিত। অহা ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ পুডুচেৰীত হবলগীয়া ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটৰবাবে অসমৰ তিনিগৰাকী খেলুৱৈ পূব মণ্ডল দললৈ নিৰ্বাচিত হৈছে।
তাৰে জিন্টিমণি কলিতা আৰু গায়ত্ৰী গুৰুঙৰ নাম দলত থকাৰ বিপৰীতে ষ্টেণ্ডবাই হিচাপে আছে খুশী শৰ্মাৰ নাম।
অসম ক্ৰিকেট সন্থাই এই সুপ্ৰাপ্য স্বীকৃতিৰ বাবে নিৰ্বাচিত খেলুৱৈ সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জনাইছে । আশা কৰিছে, যাতে তেওঁলোকে ৰাজ্যখনলৈ সফলতা কঢ়িয়াই আনি উঠি অহাসসসকলক অনুপ্ৰাণিত কৰে।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

