ASSAM FOCUSৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি

ওদালগুৰি জিলাৰ ওৰাঙত অনুষ্ঠিত হয় আসাম ফকাচ ডিজিটেল নিউজ প’ৰ্টেলৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত দুদিনীয়া কাৰ্যসূচীৰ সফল সামৰণী অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞি আৰু আমাৰ অসম কাকতৰ সম্পাদক মন্টু শইকীয়া।

উল্লেখযোগ্য যে ২০১৭ চনত বিশিষ্ট সংবাদকৰ্মী নৱ কুমাৰ ডেকাৰ প্ৰচেষ্টাত সামাজিক মাধ্যমত আৰম্ভ হোৱা আসাম ফকাচে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি ৰাইজৰ মাজত এক সুকীয়া স্থান দখল কৰি আজি দশম বৰ্ষত পদাৰ্পণ কৰিছে। এই উপলক্ষে ওৰাং ভিচিডিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি আৰু সাংবাদিকসকলক ফুলাম গামোচা,মানপত্ৰ আৰু বঁটাৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকে ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্বাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি, আমাৰ অসম কাকতৰ সম্পাদক মন্টু শইকীয়া, জন কল্যাণ কাকতৰ সম্পাদক কুমুদ নাথসহ বহু কেইজন বিশিষ্ট ব্যক্তি। সভাত উপস্থিত অতিথি সকলে সংবাদ মাধ্যমৰ দায়িত্ব আৰু সমাজত ইয়াৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।

Related Articles