ভৱানীপুৰ-সৰভোগ সমষ্টিত মহাজোটৰ প্ৰাৰ্থী হ’ব নেকি মনোৰঞ্জন তালুকদাৰ

সাধাৰণতে বিৰোধী দলৰ বিধায়কৰ বিৰুদ্ধে পুঁজিৰ অভাৱৰ অভিযোগ শুনা যায়, কিন্তু মনোৰঞ্জন তালুকদাৰৰ ক্ষেত্ৰত ৰাইজৰ ধাৰণা সম্পূৰ্ণ ওলোটা। ​চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ লগতে বিধানসভাত সমষ্টিৰ সমস্যাসমূহ বলিষ্ঠভাৱে উত্থাপন কৰি তেওঁ এগৰাকী সফল জনপ্ৰতিনিধি হিচাপে নিজকে প্ৰমাণ কৰিছে।

বিধায়কৰ কৰ্ম কুশলতাৰ বাবেই সমষ্টিটোৰ সাধাৰণ ভোটাৰৰ মাজত এক ধাৰণা গঢ় লৈ উঠিছে যে এজন বিৰোধী বিধায়ক হৈও তেওঁ যিমান উন্নয়ন কৰিলে, সেয়া তুলনাবিহীন। সেইবাবেই ৰাইজে পুনৰবাৰ তেওঁকেই ভৱানীপুৰ-সৰভোগৰ বিধায়ক হিচাপে চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

এগৰাকী জনমুখী নেতা হিচাপে মনোৰঞ্জন তালুকদাৰে কেৱল নিৰ্মাণ কাৰ্যতে ক্ষান্ত থকা নাই, বৰঞ্চ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুখ-দুখৰ সমভাগী হৈ তেওঁ সৰভোগত সম্প্ৰীতিৰ পৰিবেশ বৰ্তাই ৰাখিছে। নৱগঠিত ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ভৱিষ্যত ৰূপৰেখা তৈয়াৰ কৰাত তেওঁৰ এই উন্নয়নৰ ধাৰা এক মাইলৰ খুঁটি হিচাপে বিবেচিত বুলি দাবী কৰে।

ইয়েই প্ৰমাণ কৰে যে তালুকদাৰৰ এক শক্তিশালী জনভিত্তি আছে সমষ্টিত। সৰভোগৰ পৰা আমগুৰীলৈ যোৱা অতি গুৰুত্বপূৰ্ণ PWD পথটোৰ পুনৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে।

নগৰৰ মূল পথৰ মাজেদি ডিভাইডৰ (Divider) নিৰ্মাণ আৰু উন্নত মানদণ্ডৰ নলা (Drainage system) নিৰ্মাণে চহৰখনক এক আধুনিক ৰূপ দিছে। ইয়াৰ ফলত বাৰিষা হোৱা কৃত্ৰিম বানপানীৰ সমস্যা বহু পৰিমাণে লাঘৱ হৈছে।

জৰুৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় সমষ্টিটোৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাত তেওঁ গুৰুত্ব দিছে।

যুৱ প্ৰজন্মক খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ সমষ্টিত এটা সুসজ্জিত ষ্টেডিয়ামৰ কাম হাতত লৈছে, যিয়ে স্থানীয় খেলুৱৈসকলক উৎসাহিত কৰিছে।

সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তেওঁ সমষ্টিটোত এক সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ মাজত কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বৃদ্ধি পোৱাটো নিশ্চিত বুলি দাবী কৰে ৰাইজে।

Related Articles