বৰক্ষেত্ৰীৰ মুকালমুৱাত দিগন্ত বৰ্মনৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী

বৰক্ষেত্ৰীৰ মুকালমুৱাত দিগন্ত বৰ্মনৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী৷ বিজেপি এৰি কংগ্ৰেছত যোগদান ৫১ নং মুকালমুৱা গাঁও পঞ্চায়তৰ লগতে চৰ জিলা পৰিষদৰ অন্তৰ্ভুক্ত দুই শতাধিক লোকে। নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীৰ পৰিয়ালৰ লোকেও যোগদান কৰিলে কংগ্ৰেছত।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত যোৱা নিশা কংগ্ৰেছ দলৰ আন এখন গুৰুত্বপূৰ্ণ যোগদান সভা অনুষ্ঠিত হয়। সমাগত বিধানসভা নিৰ্বাচনক লৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দিনে-নিশাই শাসক-বিৰোধীৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। কোনোবাই যদি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে আন কোনোবাই আকৌ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে। নলবাৰী জিলাৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত ভাৰতীয় ষ্টেট বেংকৰ সমীপত যোৱা নিশা স্থানীয় উদ্যমী যুৱক মফিদুল হুছেইনৰ নেতৃত্বত অনুষ্ঠিত যোগদান সভাত দুই শতাধিক লোকে বিজেপি দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

আনহাতে,চৰ জিলা পৰিষদ এলেকাধীন ভালেমান লোকে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীৰ পৰিয়ালৰ দুজনকৈ যুৱকেও কংগ্ৰেছত যোগদান কৰাক লৈও সমষ্টিটোত সৰৱ চৰ্চা অব্যাহত আছে।

Related Articles