বৰ্তমান সময়ত সমাজৰ একাংশ ব্যক্তিয়ে আবাধে চলাই গৈছে বিভিন্ন ধৰণৰ জুৱা খেল। সমাজৰ এনেধৰণৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে দৰঙৰ ধূলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে চলাই গৈছে অভিযান। সেই মৰ্মে শুক্ৰবাৰে ধূলা আৰক্ষীয়ে গোপন খবৰৰ পম খেদি ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাৰ নিৰ্দেশত থানা খনৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ নেতৃত্বত জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত ধূলা থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ পৰা পৰা ছয় জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধিন লোক কেইজন বালাবাৰী গাঁৱৰ ছাইফুদ্দীন আহমেদ, জৰীপ আলি, ৰফিকুল ইছলাম, জলিলুদ্দিন, মোজাহিদ আলি আৰু মুন্তাজ আলি বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনৰ বিৰুদ্ধে আজি ধূলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। ধূলা আৰক্ষী থানাৰ গোচৰ নম্বৰ ১৪৪/২১ আৰু Assam Game And Betting act ৰ ১৩ আৰু ১৪ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি লোক কেইজনক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে। আনহাতে ধূলা থানাৰ অন্তৰ্গত যিকোনো ঠাইত যোৱা খেলৰ খবৰ পালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ধূলা আৰক্ষীয়ে সকীয়াই দিয়ে। সেয়ে এনেধৰণৰ সমাজ বিৰোধী তথা জুৱা, মদ, ভাং, আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ অঞ্চলবাসীক আহ্বান জনায় ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…