মই এটা নহয়, চাৰিটা মাইক লগাই আজান দিম, মোক কোনেও ৰখাব নোৱাৰে: ইউনুছ তামুলী
যোগী আদিত্য নাথ আহিলে কোনেও প্ৰশ্ন নকৰে, গতিকে ওৱেছি আহিলেও কোনেও প্ৰশ্ন কৰিব নোৱাৰে!: ইউনুছ তামুলী
যদি বিজেপিৰ সভাত জয় শ্ৰী ৰাম ক’ব পাৰে, তেনেহ’লে আনৰ সভাটো নাৰা এ তকদিৰ, আল্লাহু আকবৰ ক’ব পাৰিব: ইউনুছ তামুলী
মই এটা নহয় চাৰিটা মাইক লগাই আজান দিম, মোক কোনেও ৰখাব নোৱাৰে। যোগী আদিত্য নাথ আহিলে যদি কোনেও প্ৰশ্ন নকৰে, ওৱেছি আহিলে কিয় প্ৰশ্ন কৰা হয়? ধৰ্মীয় স্বাধীনতা আৰু সাম্প্ৰদায়িকতাৰ প্ৰসংগত ইউনুছ তামুলীয়ে আজি বহুকেইটা বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। ইউনুছ তামুলীৰ এই বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ইউনুছ তামুলীয়ে সংবাদ মাধ্যমৰ আগত আটাছুকে ধৰি জাতীয় সংগঠনক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ কয় – পৃথিৱী ধ্বংস নোহোৱা লৈ আজান থাকিব। এইখন অসম হয় ইয়াত সকলো ধৰ্মাম্বলী লোকে বাস কৰে। যোগী আদিত্য নাথ আৰু ওৱেছি অসম লৈ অহা প্ৰসংগত তেওঁ প্ৰশ্ন তোলে, যদি যোগী আদিত্য নাথ অসমলৈ আহিলে কোনোৱে প্ৰশ্ন নকৰে, তেন্তে আচাদ্দুদিন ওৱেছি আহিলেও প্ৰশ্ন উত্থাপন কৰা উচিত নহয়? ইয়াৰ উপৰিও, ৰাজনৈতিক সমাৱেশত ব্যৱহৃত শ্লোগানসমূহক লৈও তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে, বিজেপিৰ সভাত জয় শ্ৰী ৰাম শ্লোগান দিয়া যদি গ্ৰহণযোগ্য হয়, তেন্তে আন দলৰ সভাত নাৰা-এ-তকদিৰ, আল্লাহু আকবৰ আদি শ্লোগান দিয়াতো কোনো আপত্তি থাকিব নালাগে। তেওঁ স্পষ্টভাৱে কয় যে, “মই এটা নহয়, চাৰিটা মাইক লগাই আজান দিম, মোক কোনেও ৰখাব নোৱাৰে।” তেওঁৰ এই মন্তব্যৰ পিছত ৰাজ্যৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।

