আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠাৰ অন্ত পেলোৱাৰ লগতে অসমৰ মেধাৰ জয়যাত্ৰাক পুনৰবাৰ প্ৰমাণিত কৰিছে।
উল্লেখ্য যে এইবাৰ মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত মুঠ ৫৮৮ নম্বৰ অৰ্জন কৰি তৃতীয় স্থানত উজলি উঠে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী জিয়া ফাৰা ইছলাম। ফলাফলৰ ঘোষণাৰ পাছতেই লিটিল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসহ চিষ্টাৰ তেছী ডেভিচে ফুলাম গামোচাৰে জিয়া ফাৰাহ ইছলামক সন্মান জনাই।
সংবাদ মাধ্যমৰ সন্মুখত নিজৰ সফলতাৰ বিষয়ে ব্যক্ত কৰি মেধাৱী ছাত্ৰীগৰাকীয়ে জনায় যে, নিয়মীয়াকৈ দিনে প্ৰায় ৬ ঘণ্টাকৈ চলোৱা গভীৰ অধ্যয়নৰ ফলতেই তেওঁ এই গৌৰৱোজ্জ্বল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত এগৰাকী মানৱদৰদী চিকিৎসক হৈ সমাজৰ সেৱা কৰাটোৱেই জিয়া ফাৰাহ ইছলামৰ মূল লক্ষ্য।
উল্লেখ্য যে, নিজৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃৰ আশীৰ্বাদৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সঠিক মাৰ্কদৰ্শন আৰু অনুপ্ৰেৰণাই তেওঁক সদায় উৎসাহিত কৰি আহিছে বুলি জীয়াই কৃতজ্ঞতাৰে সোঁৱৰণ কৰে।

