নলবাৰী জিলাৰ মুকালমুৱা-নাৰায়ণপুৰস্থিত ‘ড্ৰীমলেণ্ড ইংলিছ স্কুলে’ ২০০৭ বৰ্ষৰ পৰা বৰ্তমানলৈকে সফলতাৰ ধাৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে ১৯৯৫ চনত স্থাপিত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ পৰা ২০০৭ বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এতিয়ালৈকে ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনৰ পৰা এইবেলি ফাৰুক হাচিবুদ্দিন আহমেদে ৫৫৩, দিলিৱা ডেকাই ৫৫০, বৈশালী বৈশ্যই ৫৪৩, ৰিয়ান বৰ্মণে ৫৪২, ভাৰ্গৱ তালুকদাৰে ৫৪১, জুমন পাটোৱাৰীয়ে ৫৪১, চনম হকে ৫৪০, ইনজামামুন জামানে ৫৪০, দেলিছাফ আৰিয়াকে ধৰি ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।
আনহাতে, ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা এইবাৰ সৰ্বমুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিদ্যালয়খনৰ পৰা ৯ গৰাকীয়ে ডিষ্টিংচন, ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগত ১৪ গৰাকীয়ে, দ্বিতীয় বিভাগত ৫ গৰাকীসহ মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ইংৰাজী বিষয়ত ১৯ গৰাকী, অসমীয়া বিষয়ত ১২ গৰাকী, সাধাৰণ বিজ্ঞানত ১৭ গৰাকী, সমাজ বিজ্ঞানত ৯ গৰাকী, সাধাৰণ গণিতত ১৪ গৰাকী, উচ্চ গণিতত ৮ গৰাকী আৰু কম্পিউটাৰত এগৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰি ১০০ শতাংশ উত্তীৰ্ণ হৈ বৃহত্তৰ মুকালমুৱা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। আনহাতে, অভিভাৱক- অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ অনুৰোধত বিদ্যালয়খনত যোৱাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে।
চলিত বৰ্ষৰ ২১ এপ্ৰিলৰ পৰা বিদ্যালয়খনত অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিনামূলীয়াকৈ পাঠদানৰো ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ এই আনন্দৰ খৱৰত এতিয়া উৎসাহিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি অভিভাৱক- অভিভাৱিকাসকল। মুঠতে, বিদ্যালয়খনে জন্মলগ্নৰে পৰাই অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক উন্নত মানৰ শিক্ষাদানেৰে সফলতাৰ ধাৰা অব্যাহত ৰাখিছে।

