ধুবুৰী জিলাৰ গোলকগঞ্জৰ সাংবাদিক প্ৰদীপ সেনৰ আকস্মিক বিয়োগ

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ সেন(টেক্সি)ৰ আকস্মিক বিয়োগ।

আগমনি প্ৰেছ ক্লাৱৰ সভাপতি তথা আমাৰ অসম আৰু NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে।

পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত।

স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।

কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

লগে লগে ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।

দীৰ্ঘদিন ধৰি জনতাৰ কণ্ঠ হৈ সত্যনিষ্ঠ বাতৰি তথা সমাজক সেৱা আগবঢ়াইছিল।

Related Articles