তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত আলফা (স্বাঃ)ৰ সৈতে জড়িত থকাৰ সন্দেহত ৭জন লিংকমেনক আটক কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এইসকল লিংকমেনে আলফা (স্বাঃ)ৰ নামত সাধাৰণ লোক আৰু ব্যৱসায়ীক ধনদাবী কৰি আহিছিল।
আটক হোৱা ব্যক্তিসকল হৈছে বৰডুমচাৰ বাৰ্লিন নেওগ, পেঙেৰীৰ মিঠু গোহাঁই আৰু লীলাধৰ মৰাণ, কাকপথাৰৰ বিকাশ ডেকা, অৰুণাচল প্ৰদেশৰ শিৱা দেৱ, লগতে পাৰিতোষ দেৱ আৰু মাকুমৰ মানৱ দেৱ।
আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত সমন্বিত অভিযান চলাই এইসকলক আটক কৰে। ঘটনাটোৰ পিছত আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধান অব্যাহত ৰাখিছে।

