দেশত ক’ৰণা মহামাৰীৰ আতংকময় পৰিবেশৰ মাজতে ৰঙিয়ালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল চাপনীয়া নিবাসী শিক্ষক উজ্জ্বল ডেকা আৰু প্ৰৱক্তা দিপাঞ্জলী দাসৰ একমাত্ৰ কন্যা সম্ভৱা কাশ্যপে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰপ্ৰদেশ ঝাঁচিৰ মনিকৰ্ণিকা আৰ্ট গেলাৰীয়ে আয়োজন কৰা অনলাইন কনিষ্ঠ শাখাৰ চিত্ৰকলা প্ৰদৰ্শনত ১০১ জনৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় আৰু সৰ্বভাৰতীয় স্তৰত পাঁচ বছৰৰ পৰা বাৰ্ বছৰৰ ছাত্ৰছাত্ৰীৰ ভিতৰত বৃহত দুৰসংযোগ উদ্যোগ ভাৰতী এয়াৰটেল এ আগবঢ়োৱা ২০২০ বৰ্ষৰ বিশেষ বৃত্তি লাভ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ লকডাউন চলি থকা বাবে সম্ভৱাৰ হৈ পিতৃ উজ্জ্বল ডেকাই এয়াৰটেল ৰঙিয়া শাখাৰ পৰা এয়াৰটেল কৰ্তৃপক্ষৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ৷ সম্ভৱা ৰঙিয়াৰ মডাৰ্ণ ইংলিছ স্কুলৰ বৰ্তমান তৃতীয় শ্ৰেণীৰ ছাত্ৰী, জানিব পৰা মতে তাই নৃত্য, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাত এতিয়ালৈ বহুকেইটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৷ কণমানী সম্ভৱাৰ এই সাফল্যত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ উপৰিও ৰঙিয়া বাসী ৰাইজেও শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…
- ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….