নাজিৰা অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত উত্তপ্ত পৰিস্থিতিঃ দুস্কৃতিকাৰীয়ে ঔগুৰিজান বাগিচাৰ চাহ গছ কটাক লৈ এই উত্তেজনা

চাহ গছ কাটি সন্দেহজনক নগা লোকৰ দ্বাৰা অবৈধ শিলৰ খনন কৰা অভিযোগ । দুস্কৃতিকাৰী নগা লোকৰ কাৰ্যৰ প্ৰতিবাদত অনির্দিষ্টকালীন সীমান্তৱৰ্তী পথ অৱৰোেধ কার্যসূচী ৰূপায়ন । অসমৰ সীমান্তত দীৰ্ঘদিনে এইদৰে শিল মাফিয়া আৰু নগা দুৰ্বৃত্তৰ দপদপনি অব্যাহত আছে । নাজিৰা সমজিলা অন্তৰ্গত বিহুবৰ ঔগুৰিজান চাহ বাগিচা আৰু অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসমৰ কেইজনমান অসাধু ব্যৱসায়ীয়ে অবৈধ শিলৰ ৰমৰমীয়া বেহা চলাই থকাৰ প্ৰতিবাদ জনাই স্থানীয় লোকে ।

ৰাইজৰ অভিযোগ অনুসৰি বিহুবৰ ঔগুৰিজান চাহ বাগিচাৰ চাহ গছ কাটি শিল খননত নামি পৰিছে কেইজনমান নামধাৰি শিল মাফিয়া ক্ৰমে জনৈক চাহ, সিং আৰু চন্দক উপাধিধাৰী এই ব্যক্তি কেইজন । বিগত সম়য় ছোৱাত সেই অঞ্চলত এটা’ ব’ডাৰ আউট পোষ্ট’ নিৰ্মাণ কৰিবলৈ যোজা চলাইছিল শিৱসাগৰ জিলা প্ৰশাসনে । কিন্তু নগা দুৰ্বৃত্তৰ দলে জিলা প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষক সেই স্থানৰ পৰা উভতাই পঠাই আৰু সেই ভূমি নগাৰ বুলিও দাবী কৰে । তাৰেই সুযোগ লৈ এচাম শিল মাফিয়াই নগা দুৰ্বৃত্তৰ লগত মিতিৰালি কৰি অবাধে শিল খনন কৰাত ব্যস্ত হৈ পৰা বুলি স্থানীয় লোকে সংবাদ-মাধ্যমৰ আগত দাবী কৰিছে ।

পূৰ্বতেও এই শিল মাফিয়াৰ বিৰুদ্ধে বাতৰি পৰিবেশন হৈছিল । মৌনতা অৱলম্বন কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন শাসকীয় চৰকাৰখনে । যাৰ বাবে অবৈধ গতিবিধি বিৰাজমান বিহুবৰত । জিলা আয়ুক্তকে ধৰি ৰাজহ চক্ৰ বিষয়ালৈও অলপো কেৰেপ নকৰে এই শিল মাফিয়াই । আনহাতে নাজিৰা সমজিলা ৰাজহ চক্ৰ বিয়য়া গৰাকীয়ে সময় মতে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোক সকল অঞ্চলটোত আতংকিত হৈ প্ৰতিবাদত নামি পৰিছে । কেৱল স্মাৰক পত্ৰ লৈ দায়িত্ব সামৰি গৈছে দণ্ডাধীশ সহ ৰাজ্য চৰকাৰে ।

Related Articles