সদ্যঘোষিত CBSE বৰ্ডৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা গ্ৰামাঞ্চল ফুলামপুৰ গাঁৱৰ দুই কৃতিমান ছাত্ৰ ৰিয়ান গগৈ আৰু লিউচেন্ট গগৈয়ে ডিব্ৰুগড় সম্পূৰ্ণ একাডেমিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
যুৱ ব্যৱসায়ী দেবেশ্বৰ গগৈ আৰু স্বৰ্ণালী গগৈৰ পুত্ৰ ৰিয়ান গগৈয়ে ৯৭.৮% নম্বৰ লগতে কৃতি শিক্ষক অজয় গগৈ আৰু জুলি গগৈৰ পুত্ৰ লিউচেন্ট গগৈয়ে ৮৩.৬% নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত এতিয়া অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷
ফলাফল ঘোষণা হোৱাৰ পাছৰ পৰাই দুয়োজন কৃতি ছাত্ৰক সম্বন্ধনা জনোৱাৰ উদ্দেশ্যে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ ছাত্ৰ দুজনৰ বাসগৃহত উপস্থিত হোৱাৰ সমান্তৰালকৈ যুৱ সাংবাদিক সন্থা, অসমৰ হৈ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি কাঞ্চনজ্যোতি গোহাঁয়ে দুয়োজন কৃতি ছাত্ৰকে অভিনন্দন জ্ঞাপন কৰে ৷

