তেজপুৰত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি৷স্বামীৰ লগতে স্বামীগৃহৰ বিৰুদ্ধে অকথ্য নিৰ্যাতনৰ অভিযোগ৷ বিহপান কৰাৰ তথ্য লুকুৱাইছিল স্বামীগৃহই৷
১৭ টাকৈ দিন হাস্পতালৰ ICU ত যুঁজি অৱশেষত প্ৰাণ হেৰুৱালে গীতাশ্ৰী মহন্ত নামৰ দুটি সন্তানৰ মাতৃ গৰাকীয়ে৷ মাত্ৰ ২৭ বছৰ বয়সতে বিহপান কৰি মৃত্যুক আঁকোৱালি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই মাতৃগৃহই৷
২০১৯ চনত তেজপুৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়তে ডিপোটা শইকীয়াচুবুৰীৰ প্ৰাণজিৎ শইকীয়াই প্ৰেমসূত্ৰে পলুৱাই আনিছিল গীতাশ্ৰীক৷
জামুগুৰিহাটৰ বাঁহডোঙা বৰাচুকৰ পূৰ্ণকান্ত মহন্ত আৰু প্ৰণতী মহন্তৰ জীয়ৰী গীতাশ্ৰী সামাজিকভাৱে নহলেও বিবাহপাশত আৱদ্ধ হোৱাৰ দিন ধৰি স্বামীৰ লগতে স্বামীগৃহৰ অকথ্য নিৰ্যাতন সহি অহাৰ অভিযোগ পিতৃৰ লগতে জ্যেষ্ঠ ভগ্নীৰ৷
চাৰেচাৰি বছৰীয়া পুত্ৰ সন্তানৰ লগতে ডেৰ বছৰীয়া কন্যা সন্তানক এৰি কিয় গীতাশ্ৰীয়ে বিহপান কৰিবলৈ বাধ্য হ’ল বুলি প্ৰশ্ন কৰিছে পৰিয়ালে ? নে জুৰজুলুমকৈ বিহপান কৰোৱা হৈছিল তাক লৈও সন্দিহান হৈ পৰিছে পৰিয়ালটো৷
বিহপান কৰাৰ পিছতো আন অসুখত ভোগা বুলি মাতৃগৃহক অৱগত কৰি তেজপুৰ ডৰিকা হাস্পতালত প্ৰথমাৱস্থাত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ গুৱাহাটীৰ এপ’ল’ এক্সেল কেয়াৰ হাস্পতালত মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰীয়ে৷ এপ’ল’ হাস্পতালৰ ৰিপ’ৰ্টতো বিহপান কৰাৰ কথা স্পষ্টকৈ উল্লেখ কৰাৰ পিছতো স্বামীগৃহই বাৰম্বাৰ সেই কথা লুকুৱাব বিচৰাৰ অন্তৰালত কি থাকিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷
বিভিন্ন সময়ত যৌতুকৰ নামত টকা-পইচা দাবী কৰি হাৰাশাস্তি কৰি অহা গীতাশ্ৰীয়ে ২০২১ চনত স্বামীগৃহ ত্যাগ কৰি মাতৃগৃহলৈ ওভতি গৈছিল যদিও পিছত পৰিয়ালৰ বুজনিত স্বামীগৃহ চপা গীতাশ্ৰীয়ে অৱশেষত বাচি ললে চৰম সিদ্ধান্ত৷
গড়চুক আৰক্ষী তথা দণ্ডাধীশৰ উপস্হিতিত GMCH ত মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত আজি বিয়লি স্বামীগৃহত গীতাশ্ৰীৰ মৃতদেহ উপস্হিত হোৱাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ গীতাশ্ৰীৰ মাতৃগৃহ তথা আত্মীয়ৰ লগতে ডিপোটা শইকীয়া চুবুৰীবাসী ৰাইজৰ প্ৰশ্নবানত অৱশ্যে শহুৰেকে বিহপান কৰাটো স্বীকাৰ কৰিছে৷
এই ঘটনাৰ উচিত তদন্ত বিচাৰি স্বামী তথা স্বামীগৃহৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই গীতাশ্ৰীৰ পৰিয়াল আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে৷

