তামুলপুৰ-ওদালগুৰি পথৰ নোৱাখাটত হোৱা ভয়ংকৰ দুৰ্ঘটনাত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘এক অতি দুখৰ খবৰ পুৱাই শুনি মনটি গভীৰভাৱে ব্যথিত হ’ল৷ নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটিয়ে যোৱানিশা তামুলপুৰৰ নোৱাখাটত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় দলটিৰ মূল বিহুৱতী গায়িকা তথা অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈয়ে৷ এক প্ৰচুৰ সম্ভাৱনা কলিতে মৰহি গ’ল৷ এই মৃত্যু সঁচাকৈয়ে আমাৰ বাবে বৃহৎ ক্ষতি৷ তেওঁৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত থকা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ আশু আৰোগ্য কামনা কৰিলোঁ৷ ভুক্তভোগী পৰিয়ালকেইটিলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’

