গুৱাহাটী মহানগৰীত শোকাৱহ দুৰ্ঘটনা। গুৱাহাটীৰ মঠঘৰীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা ছুইফট ডিজায়াৰৰ। দুৰ্ঘটনাত নিহত ৩ গৰাকী যুৱতী। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01 GP 0562। মঠঘৰীয়া গে’ট হাস্পতালৰ সন্মুখত এই দুৰ্ঘটনা। GMCHৰ মৰ্গত ৰখা হৈছে ৩ যুৱতীৰ মৃতদেহ।
এই দুৰ্ঘটনাৰ নিহত তিনিগৰাকী যুৱতীৰ দুগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে। পূজা সাহা আৰু আনগৰাকী আকাংক্ষা শইকীয়া। আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত। আনহাতে পূজা সাহাৰ ঘৰ গোৱালপাৰাত।

