গুৱাহাটীৰ মঠঘৰীয়াত অকাল মৃত্যুক আকোঁৱালি লোৱা ৩ যুৱতীৰ ভিতৰত এগৰাকী আকাংক্ষা শইকীয়া।
সাপেখাটী ধনীয়াপথাৰ গাঁওৰ প্ৰতিভাৱান যুৱতী আকাংক্ষা শইকীয়াৰ মৃতদেহ স্বগৃহত আহি উপস্থিত।
আকাংক্ষা শইকীয়াৰ মৃতদেহ স্বগৃহত আহি উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিবেশে বিৰাজমান ।
স্বগৃহত অজস্ৰ জন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয়।

