উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত ৯৩.৭২ শতাংশ উত্তীৰ্ণৰে বি এইচ বি মহাবিদ‍্যালয়ৰ সাফল‍্য

সদ‍্যঘোষিত উচ্চত্বৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত সৰুপেটাৰ বি এইচ বি মহাবিদ‍্যালয়ে ৯৩.৭২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সমগ্ৰ বজালী জিলাৰ ভিতৰত উজ্জ্বলি উঠিছে।মহাবিদ‍্যালয়ৰ সৰ্বমুঠ ২৩৯ জন পৰীক্ষাৰ্থীৰ মাজত ১৪ জনে প্ৰথম বিভাগত, ৭৫ জনে দ্বিতীয় বিভাগত আৰু ১৩৫ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।তাৰে ভিতৰত দুজনে ডিষ্টিংশ‍্যসসহ কেউটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে।

তাৰবিপৰীতে দুজনে ষ্টাৰ মাৰ্ক আৰু বাকী প্ৰথম বিভাগৰ লগতে দ্বিতীয় বিভাগত থকা প্ৰায় যথেষ্ট সংখ‍্যকে অসমীয়া, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান,দৰ্শন, শিক্ষা, ইংৰাজী,সংস্কৃত,আৰবী ইত‍্যাদি ভালেকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।মহাবিদ‍্যালয়ৰ ছাত্ৰ সুশান্তজিৎ নাথে ৯১.৮শতাংশ নম্বৰেৰে বি এইচ বি মহাবিদ‍্যালয়ৰ কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।আন এগৰাকী ছাত্ৰী মধুস্মিতা বায়নে ৮৬ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছে।

উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে মহাবিদ‍্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ‍্যাপক-কৰ্মচাৰীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশৰ সূচনা হৈছে।ইফালে আজি চলি থকা উচ্চত্বৰ মাধ‍্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি অনুষ্ঠানতে মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ নয়নজ‍্যোতি দাসে সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নতুনকৈ নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক উষ্ম আদৰণি জনায় আৰু নতুন শৈক্ষিক জীৱনলৈ শুভকামনা জ্ঞাপন কৰে। উপস্থিত থকা সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা তিনিজন ছাত্ৰ-ছাত্ৰীক মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ নয়নজ‍্যোতি দাস আৰু উপাধ‍্যক্ষ ডঃ দিপ্তী কলিতাই সম্বৰ্ধনা জ্ঞাপন কৰে। অধ‍্যক্ষগৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাৰ বাবে মহাবিদ‍্যালয়ৰ প্ৰতিটো বিভাগৰ প্ৰতিজন অধ‍্যাপককে ধন‍্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles