সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নলবাৰী জিলাৰ কাপলাবড়ীস্থিত নেচনেল একাডেমী অফ এডুকেচন নামৰ শিক্ষানুষ্ঠানখনে। নেচনেল একাডেমী অফ এডুকেচনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ১৩৭ গৰাকী শিক্ষাৰ্থী আৰু কলা শাখাত অৱতীৰ্ণ হৈছিল ১৩ জন শিক্ষাৰ্থী সহ মুঠ ১৫০ গৰাকী শিক্ষাৰ্থী। ঘোষিত ফলাফলত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে উৰ্তীৰ্ণ হবলৈ সক্ষম হয়।
বিজ্ঞান শাখাত ২ গৰাকী ডিষ্টিংচন, ১০ গৰাকী ষ্টাৰ আৰু ৭১ গৰাকী প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত ৫৪ গৰাকী পৰীক্ষাৰ্থী উৰ্তীৰ্ণ হয়। কলা শাখাত এগৰাকী ষ্টাৰ মাৰ্ক, ১০ গৰাকী প্ৰথম বিভাগ আৰু ২ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উৰ্তীৰ্ণ হয়। এই বৰ্ষত নেচনেল একাডেমী অফ এডুকেচনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা আশিক ইমদাদে ৮৮.০ শতাংশ নম্বৰ নম্বৰ লাভ কৰি সুনাম অৰ্জন কৰে।

