খেলপথাৰৰ বাবে নহয় এইবাৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে এম এছ ধোনী। এইবাৰ তেওঁৰ বেট নহয়, তেওঁৰ আয়কৰহে শিৰোনাম দখল কৰিছে। আয়কৰ বিভাগৰ শেহতীয়া তথ্য অনুসৰি বিহাৰ আৰু ঝাৰখণ্ডৰ এক নম্বৰ কৰদাতা হিচাপে পৰিগণিত হৈছে ধোনী। ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত MS ধোনী। ২০২৫-২৬ বিত্তীয় বৰ্ষত বিহাৰ আৰু ঝাৰখণ্ডৰ সৰ্বাধিক ব্যক্তিগত কৰদাতা হিচাপে পৰিগণিত MS ধোনী। ২ ৰাজ্যৰ পৰা আয়কৰ বিভাগে সংগ্ৰহ কৰিলে প্রায় ২০ হাজাৰ কোটি টকা।
যোৱা বিত্তীয় বৰ্ষত ধোনীয়ে আগতীয়া কৰ হিচাপে ৫০ কোটিৰো অধিক ধন জমা কৰিছিল। যদিও আয়কৰ বিভাগে আনুষ্ঠানিকভাৱে সঠিক পৰিমাণৰ কথা প্ৰকাশ কৰা নাই, তথাপিও বিহাৰ আৰু ঝাৰখণ্ডৰ মুখ্য আয়কৰ আয়ুক্ত ড০ ডি সুধাকৰ ৰাৱে ব্যক্তিগত কৰ পৰিশোধৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা বুলি নিশ্চিত কৰিছে। ধোনিৰ এই আয় বিভিন্ন ব্যৱসায়িক উদ্যোগ, বিজ্ঞাপন, আৰু আই পি এলৰ পৰা পোৱা আয়ৰ এটা অংশ।
আয়কৰ বিভাগে ২০২৫-২৬ বিত্তীয় বৰ্ষত এই দুখন ৰাজ্যৰ পৰা অভিলেখ কৰ সংগ্ৰহ কৰিছিল। বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা মুঠ ২০,০০০ কোটি টকাৰ কৰ সংগ্ৰহ কৰা হৈছিল। মুঠ সংগ্ৰহৰ ভিতৰত ঝাৰখণ্ডে সৰ্বাধিক অংশ লাভ কৰিছিল, ১২,০০০ কোটি ₹। বিভাগটোৰ মুঠ কৰ সংগ্ৰহৰ প্ৰায় ৭০ শতাংশই টিডিএছ (Tax Deduction at Source)ৰ জৰিয়তে আহিছিল।

