কবি জোনমণি দাসৰ বিয়োগত অসম সাহিত্য সভাৰ শোক

জনপ্ৰিয় অসমীয়া কবি, শিশু সাহিত্যিক জোনমণি দাসৰ আজি ১২ মে’, ২০২৬ তাৰিখে অকাল বিয়োগ ঘটে। তেওঁ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। স্বপ্নবাক বৰষুণ, জলস্তম্ভ, উৰণীয়া ছাঁ, নিনাদিত নিৰ্জনতা শীৰ্ষক কেইবাখনো গ্ৰন্থৰে সাহিত্য জগতলৈ অৱদান আগবঢ়াই যোৱা দাসৰ মৃত্যুত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধনসম্পাদক দেৱজিৎ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে ৷

কাকতলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত সভাৰ সভাপতি, উপসভাপতি আৰু প্ৰধানসম্পাদকে শ্ৰদ্ধেয় জোনমণি দাসৰ বিয়োগত সমগ্ৰ অসমৰ কাব্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। সভাই মহান ব্যক্তিগৰাকীৰ পৱিত্ৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷।

Related Articles