মুকলি আকাশৰ তললৈ ছামিম আহমেদ। গুৱাহাটীৰ মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আছিল ছামিম আহমেদ। সেই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৩ গৰাকীকৈ যুৱতী। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে। দুদিনৰ অন্তত ডিব্ৰুগড়ৰ লাহোৱালত গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত ছামিম। দুর্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছামিমে। ঘটনাৰ দুদিনৰ পিছত লাহোৱালত গ্ৰেপ্তাৰ হৈছিল ছামিম। শুক্ৰবাৰে মুকলি আকাশৰ তললৈ আহিল ছামিম আহমেদ। ছামিম আহমেদৰ জামিন লাভক লৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ ক্ষোভ সামাজিক মাধ্যমত।
ছামিমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি প্রশ্ন অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নন্দিনীৰ দুৰ্ঘটনাৰ সময়ত সমালোচনা কৰাসকল এতিয়া ক’ত বুলিও প্রশ্ন অভিনেত্ৰীগৰাকী। অভিনেত্ৰী নন্দিনী কাশ্যপে সামাজিক মাধ্যমত উল্লেখ কৰি কয় –
‘খবৰতো দিনতে পালো..
মনত বহুত প্ৰশ্ন আহিছে..
কিন্তু কাক শুধিম??
ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয় নে??
নে মানুহ চাই আইন সলনি হয়?
“ছামিম আহমেদ”
“গুৱাহাটী মঠঘৰীয়া দুৰ্ঘটনা”
“থিতাতে নিহত হৈছিল ৩ গৰাকী যুৱতী” যাক কয় “Spot dead” বুলি
ছামিম প্ৰথমে পলাইছিল Shillong মেঘালয় লৈ, তাৰ পৰা গৈছিল ডিব্ৰুগড় লৈ..যাক প্ৰকৃততে কয় “hit and run” বুলি..
আজি তেখেতে জামিন লাভ কৰিলে.. ইমান কম দিনতে
কাৰণ কিয় জানে নে?
কাৰণ, তেখেতৰ ওপৰত “Media pressure” নাছিল..
কাৰণ, তেখেত এজন সাধাৰণ লৰা..
এতিয়া মোৰ প্ৰশ্ন সেই সকল media reporters, youtubers, Content creators, দল-সংগঠন আৰু মহান শিল্পী/তাৰকা সকলোলৈ, যোনে মোৰ দুৰ্ঘটনা তোৰ সময়ত মোক লগতে মোৰ পৰিয়াল তোৰ বিৰুদ্ধে কথা কৈছিল,প্ৰতিবাদ কৰিছিল, মোৰ দুৰ্ঘটনাটোক লৈ “Content” বনাইছিল,
আপোনালোক এতিয়া কিয় নিমাত?????
সেই ৩ গৰাকী যুৱতী কি আমাৰ অসমৰ জীয়ৰি নাছিল..???
নে ছোৱালী বুলি বাদ দিছে???
প্ৰতিবাদ যদি কৰিছে, সকলোৰে বাবে কৰিব..
মানুহ চাই, কাৰোবাৰ প্ৰৰোচনাত পৰি নতুবা TRP ৰ বাবে নকৰিব..
মনত আছে সকলো মোৰ..
বিশ্বাস এতিয়া কেৱল ভগৱানৰ ওপৰত..
‘

