এগৰাকী ব্যক্তিৰ সৌন্দৰ্য্য নিৰ্ভৰ কৰে তেওঁৰ চুলিৰ ওপৰত। চুলিয়ে মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। যদি আপোনাৰ চুলিবোৰ অতি শুকান আৰু নিৰ্জীৱ হৈ পৰিছে, তেন্তেচুলিৰ যত্ন ল’বলৈ শ্বেম্পু কৰাৰ ১ ঘণ্টা আগতে চুলিখিনি ভালদৰে মালিচ কৰিব পাৰে। তেলেৰে চুলিৰ মালিচ কৰিলে শুকানতা কমাব পাৰি আৰু চিকচিকিয়া হ’ব পাৰে। চুলিত মালিচ কৰিলে মূৰৰ ছালখন সুস্থ হৈ থাকে আৰু চুলি সৰা ৰোধ কৰাত সহায় কৰিব পাৰে।
শ্বেম্পু কৰাৰ আগতে নাৰিকল তেল বা সৰিয়হৰ তেলেৰে চুলিত মালিচ কৰিব পাৰে। শ্বেম্পু কৰাৰ আগতে চুলিখিনি ভালদৰে মালিচ কৰক। চুলিত তেল মালিচ কৰিলে উপযুক্ত পুষ্টি লাভ হয়। চুলিত তেল লগালে চুলিৰ উজ্জলতা বাঢ়ে। ইয়াৰ উপৰিও চুলি ক’লা হয় আৰু চুলি সৰা কমায়।
প্ৰথমে এচামুচ সৰিয়হৰ তেল লৈ তাত নাৰিকল তেল দিব। দুয়োটা তেল মিহলাই গৰম কৰি লওক। তাৰ পিছত, চুলিৰ গুৰিত আঙুলিৰে তেল লগাব। প্ৰায় ১০ মিনিট মান চুলিত মালিচ কৰক। তাৰ পিছত, শ্বেম্পুৰে চুলি ধুব।
চুলিৰ যত্নৰ বাবে এই ঘৰতে বনোৱা তেল ব্যৱহাৰ কৰিব পাৰে। সপ্তাহত দুবাৰকৈ শ্বেম্পু কৰিলে চুলি দুবাৰ মালিচ কৰিব পাৰি। চুলি ধুবলৈ সাধাৰণ পানী ব্যৱহাৰ কৰক। চুলিখিনি কোমল আৰু চিকচিকিয়া কৰিবলৈ সপ্তাহত এবাৰ ঘৰতে চুলিৰ স্পা কৰিব পাৰে।
সৰিয়হ আৰু নাৰিকল তেলে চুলিক ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে। চুলি মালিচ কৰিলে ভিতৰৰ পৰা চুলি মজবুত হয়। কোমল আৰু উজ্জল চুলিৰ বাবে এই তেল ব্যৱহাৰ কৰিব পাৰে।

