বিলাসীপাৰা প্ৰেছ ক্লাৱৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন

ঐতিহ্যমণ্ডিত বিলাসীপাৰা প্ৰেছ ক্লাৱৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস ১৬ মে’ত দিনজোৰা কাৰ্যসূচীৰে জাক-জমকতাৰে পালন কৰা হয়।তদুপলক্ষে ৰাতিপুৱা ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি বাপ্পা সৰকাৰে, প্ৰয়াত সাংবাদিক সকললৈ স্মৃতি তৰ্পণ কৰে সম্পাদক সঞ্জয় শৰ্মাই। বন্তি প্ৰজ্বলন কৰে প্ৰবীণ সাংবাদিক দয়াল পালে।গছপুলি ৰোপন কৰে সাংবাদিক প্ৰদীপ দে’ ,অশোক দাস,কুন্তল শৰ্মা ,সুনীল চৌধুৰী আৰু সাংবাদিক মোছলেমউদ্দিন আহমেদে। ১৯৯১ চনতে প্ৰতিষ্ঠিত এই বিলাসীপাৰা প্ৰেছ ক্লাৱত আয়োজন কৰা মুকলি সভাৰ মঞ্চ খন স্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ নামত উৎসৰ্গিত কৰাৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে লেখক আলতাপ হুছেইন আহমেদ দুপৰীয়া এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।বিষয়-সাম্প্ৰতিক পৰিস্থিতিত সাংবাদিকৰ ভূমিকা ।

জ্যেষ্ঠ সাংবাদিক মোছলেমউদ্দিন আহমেদেৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰখনত বিলাসীপাৰা সমজিলা আয়ুক্ত ড৹প্ৰীতি লেখা ডেকা,ড৹ হৰিচৰণ দাস,সদৌ অসম নাথ-যোগী সন্থাৰ সভাপতি অৰবিন্দ নাথ আৰু শিক্ষাবিদ শ্বেখ হেদায়েতুল্লাই সাংবাদিকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰে। বিলাসীপাৰা সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক জীৱেশ ৰায় বিশেষকাৰণত উপস্থিত থাকিব নোৱাৰাত তেঁওৰহৈ প্ৰতিনিধি ধীমান দত্তৰ হাতত বিধায়কৰ শুভেচ্ছা-অভিনন্দন পত্র গ্ৰহণ কৰে। তাৰোপৰি আলোচনাচক্ৰ খনত ড৹ হৰিচৰণ দাসৰ সম্পাদিত ‘সেউজ পত্রিকা এখনি উন্মোচন কৰে সমজিলা আয়ুক্ত ড৹প্ৰীতিলেখা ডেকাই। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত চাপৰ,সাপটগ্ৰামকে আদি কৰি বিলাসীপাৰাৰ সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ক্লাৱৰ বিষয়-বৱীয়া সকল উপস্থিত থাকে ।আটাইকে বিলাসীপাৰা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ফুলাম গামোছাৰে সন্মানিত কৰা হয়।বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সম্পাদক সঞ্জয় শৰ্মাই আদৰণী ভাষণত প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে। সন্ধিয়া ক্লাৱত আলোকসজ্জা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংষ্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

Related Articles