ছবিগৃহলৈ আহি আছে নতুন অসমীয়া চলচ্চিত্ৰ ‘অন্তৰাল’, ২২ মে’ত ৰাজ্যজুৰি শুভমুক্তি। সংবাদমেল সম্বোধন কৰি অন্তৰাল ছবি টীমে কয় যে ডিব্ৰুগড়ৰ পৰা দীঘলীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখন সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়বস্তু দৰ্শকৰ আগত এক নতুন ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকে আশা প্ৰকাশ কৰে যে অসমবাসীয়ে ছবিখন আন্তৰিকতাৰে আদৰি ল’ব।
‘অন্তৰাল’ প্ৰথম পৰ্যায়ত গুৱাহাটী, যোৰহাট, লক্ষীমপুৰ, তেজপুৰ, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ আৰু ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ ছবিগৃহত মুক্তি লাভ কৰিব বুলি জনায়। পৰৱৰ্তী সময়ত অসমৰ বাহিৰতো ছবিখন প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ জগতলৈ কেইবাখনো কালজয়ী চলচ্চিত্ৰ ডিব্ৰুগড় পৰাই জন্ম হোৱা বুলি উল্লেখ কৰি “অন্তৰাল” সমগ্ৰ অসমবাসীয়ে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে ছৱি খনৰ সৈতে জড়িত সকলে।

